অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ(Assam Pradesh Congress Committee (APCC) প্ৰভাৰী হৰিশ ৰাৱটে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি মন্তব্য কৰে যে জনসাধাৰণে বিশেষভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে ভোটদান কৰিছে ৷ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মংগলদৈ,স্বায়ত্ব শাসিত জিলা ডিফু,কৰীমগঞ্জ,শিলচৰ আৰু নগাঁৱৰ পাঁচখন নিৰ্বাচন ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ জয় সুনিশ্চিত কৰে ৷
বিজেপি,এজিপিৰ পৰাজয়েই অসম চুক্তি, অসমীয়া সংস্কৃতিৰ জয়। বিজেপিয়ে নেতাসকলে নিজৰ উদ্দেশ্যক স্পষ্ট কৰি দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞ ৷বিধেয়কখনত গৃহীত কৰা অসম চুক্তিক উপেক্ষা কৰা৷ যদি কংগ্ৰেছ চৰকাৰ শাসনলৈ আহে তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিল কৰা হ’ব ৷
হৰিশ ৰাৱটে দাবী কৰে যে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পৰিমাণ কংগ্ৰেছ দলৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই আনিব ৷ কাৰণ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে ৷ প্ৰিয়ংকা গান্ধীৰ আগমণত শিলচৰত নিৰ্বাচনী স্থিতিৰ পৰিৱৰ্তন হয় । মংগলদৈৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতা সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ কাৰণে মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে ৷কংগ্ৰেছ দলে কোকৰাঝাৰ,বৰপেটা আৰু ধুবুৰী জিলাত কোনো ধৰণৰ মিত্ৰতা কৰা নাই। কিন্তু বিজেপিয়ে এজিপিৰ লগত মিত্ৰতা কৰিলে ৷ কেৱল টকা আৰু আসনৰ লোভত পৰি তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি