জামুগুৰিত 'সুধাকণ্ঠৰ সোঁৱৰণত এসন্ধ্যা' শীৰ্ষক অনুষ্ঠান সম্পন্ন

জামুগুৰিত 'সুধাকণ্ঠৰ সোঁৱৰণত এসন্ধ্যা' শীৰ্ষক অনুষ্ঠান সম্পন্ন
Published on

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সপ্তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি কালি সন্ধ্যা নগাঁৱৰ জামুগুৰি চাৰিআলিত 'সুধাকণ্ঠৰ সোঁৱৰণত এসন্ধ্যা' শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জামুগুৰি অঞ্চলৰ সমূহ মহিলা তথা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত কণকণ শিশু, যুৱক-যুৱতীসকলে অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰাৰ লগতে সুধাকণ্ঠৰ গীতত নৃত্য পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

নগাঁৱৰ অন্যতম অগ্ৰণী হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ 'হুৰাই লাহুৰি' শীৰ্ষক অনুষ্ঠানটিৰ লগতে অন্যান্য বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে জামুগুৰি অঞ্চলৰ শিশু, কিশোৰ- কিশোৰী তথা যুৱক-যুৱতী সকলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com