ডিব্ৰুগড় জিলা উপায়ুক্তই হঠাৎতে পৰিদৰ্শন কৰিলে বিদ্যালয়

ডিব্ৰুগড় জিলা উপায়ুক্তই হঠাৎতে পৰিদৰ্শন কৰিলে বিদ্যালয়

ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে অলপতে হঠাৎতে পৰিদৰ্শন কৰিলে দিঘলীয়াৰ বেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল একেবাৰে বেয়া হোৱা বিদ্যালয় খন পৰিদৰ্শন কৰে ।

তেওঁ পৰিদৰ্শন কৰা সময়ত বিদ্যালয় খনৰ ফলাফল বেয়া হোৱাৰ কাৰন সমূহৰ বিষয়ে ভালকৈ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে বিশেষ ভাৱে দশম মান শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনময় কৰি পৰীক্ষাৰ বাবে কিদৰে সাজু হ'ব লাগে সেই বিষয়ত উৎসাহিত কৰে ।ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া বিষয়ত যিকোনো অসুবিধা পালে নাইবা কিবা নোৱাৰিলে শিক্ষক সকলৰ লগত আলোচনা কৰি ভালকৈ শিকি লবৰ বাবেও আহ্বান জনায় ।ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিৰ প্ৰতিও নজৰ দিবলৈ শিক্ষক সকলৰ আগত মত ব্যক্ত কৰে ।পূৰ্বে অনুষ্ঠিত হৈ যোৱা পৰীক্ষা সমূহৰ ফলাফল বেয়া হোৱাৰ কাৰন তথা কোন বোৰ বিষয়ত ছাত্ৰ-ছাত্ৰীয়ে পিছপৰি আছে সেই কাৰন সমূহ ফহিঁয়াই চায় আহিবলগীয়া পৰবৰ্ত্তী পৰীক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে উপায়ুক্ত লায়া মাদ্দুৰীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com