ডিমা হাছাও বন বিভাগৰ উদ্যোগত বন্য প্ৰাণী অপৰাধ বিৰোধী সজাগতা সভা

ডিমা হাছাও বন বিভাগৰ উদ্যোগত বন্য প্ৰাণী অপৰাধ বিৰোধী সজাগতা সভা

ডিমা হাছাও বন বিভাগৰ উদ্যোগত বন্য প্ৰনী অপৰাধ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰে ডিমা হাছাওৰ বিভিন্ন প্ৰান্তত । এন লেইকুল, কেলেল', পুৰা, লংমা I, লংমা II, আৰু লংমা III ৰ গাঁও বুঢ়াৰ উদ্যোগত পুৰা গাঁওৰ কমিনিউটি হলত এক সজাগতা সভা অনুষ্ঠিত কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে বন বিভাগৰ মুখ্য নিৰীক্ষক মুৱানথাং তুংনুং, ডি এফ অ এ জেমি, ডি এফ অ টি লাংথাচা, ডি এফ অ ৰমেন দাস, তুহিন লাংথাচা আৰু হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ বিশ্বাস। জনসাধাৰণৰ সহযোগিতাত বন বিভাগে দিমা হাচাওত প্ৰকৃতি সুৰক্ষাৰ লগতে বন্যপ্ৰনী কল্যাণৰ বাবে বিভিন্ন ব্যবস্থা লোৱাৰ কথা আলোচনা কৰে ।

গাঁওৰ লোক সকলেও এই অনুষ্ঠানত ভাগ লয়। বন্যপ্ৰনী সুৰক্ষা ক্ষেত্ৰত কি সমস্যা সন্মুখীন হয় আৰু বন বিভাগে বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচনা কৰা হয় । চি চি এফ মুৱানথাং তুংনুংৰ লগতে আন বন বিষয়াৰ উপস্থিতিত বন প্ৰানীক সুৰক্ষা দিবলৈ জনসাধাৰণৰ সহায় কৰিবলৈ বন বিভাগক কোৱাৰ লগতে জনসাধাৰণৰ এন লেইকুল গাঁওৰ আদৰ্শ ল'বলৈ আহ্বান জনাইছে । এন লেইকুল গাঁওত বন্যপ্ৰনী নিধন আৰু বন্দী কৰা নিষেধ ।

গাঁও বুঢ়া সকলে বন বিভাগৰ এই পদক্ষেপক প্ৰসংশা কৰে আৰু বন বিষয়াক গাঁওৰ মুখ্য সকলক আৰু গাঁওবাসীৰ মাজত বন্য প্ৰাণী সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ অনুৰোধ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com