তিনিচুকীয়া জিলাৰ ৪৭২ খন বিদ্যালয়ত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ সম্পন্ন

বুধবাৰে তিনিছুকীয়া জিলাৰ ৪৭২ খন বিদ্যালয়ত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ সফল ভাবে অনুষ্ঠিত হৈ যায়। ২ তাৰিখৰ তিনিছুকীয়া বন্ধৰ পৰিপ্ৰেক্ষিপ্তত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱখনি পিছুৱাই দিয়া হৈছিল।জিলাখনৰ ১৪০০ খন বিদ্যালয়ক সামৰি অনুষ্ঠিত হোৱা এই গুণোৎসৱৰ মূল্যাংকন প্ৰক্ৰিয়া ৪৭২ আৰু ৪৫৬ খন বিদ্যালয়ক সামৰি সম্পন্ন হৈ যায়। তিনিচুকীয়া জিলাৰ বিদ্যালয় পৰিদৰ্শক ইমৰাণ হুছেইনে বিদ্যালয় সমূহৰ সামগ্ৰীক ফলাফল অন্তৱৰ্তী আৰু বহিৱৰ্তী পৰিদৰ্শক সকলে দাখিল কৰা কৰা মূল্যাংকনৰ পিছত ঘোষণা কৰা হব বুলি স্থানীয় সংবাদ দাতাক জানিবলৈ দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com