দুজন যুৱকক আটক,নেৰকটিকচ জব্দ

দুজন যুৱকক আটক,নেৰকটিকচ জব্দ

যোৱা মঙলবাৰে পাঠশালাত এক বিশেষ দলৰ অভিযানত বজালী আৰক্ষীয়ে বৰপেটা জিলাৰ পৰা দুজনকৈ যুৱকক নেৰকটিকচ টেবলেটৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । অভিযানৰ নেতৃত্বত আৰক্ষীৰ দলটোৰ উপ আৰক্ষী অধিক্ষক তিলেশ্বৰ শইকীয়া,বজালী মহকুমাৰ ভাৰপ্ৰাপ্ত বিষয়া সমীৰন বৈশ্য,পাঠশালাৰ আৰক্ষী আউটপোষ্টৰ পাটাছাৰকুছি আৰক্ষী থানাৰ শৈলেন কলিতা ।

যুৱক দুজনক বৰপেটা জিলাৰ এখন চাহ দোকানত ড্ৰাগছ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় । ধৃত যুৱক দুজন চিনাক্ত কৰা অনুসৰি ক্ৰমে, ২৩বছৰীয়া ৰফুল আলী আৰু ২৫বছৰীয়া আজাদ খান,যুৱক দুজন বৰাক উপত্যকাৰ কাছাৰ আৰু শিলচৰৰ বুলি জানিব পৰা গৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com