দুলীয়াজানত জাগৰণৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

দুলীয়াজানত জাগৰণৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

দুলীয়াজানৰ ”জাগৰণ ”নামৰ বেচৰকাৰী সংস্থা (NGO) টোৰ বৃহস্পতিবাৰে বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন হয়৷ ২০১৭ চনত জন্মলাভ কৰা সংস্থাটোৰ বৰ্ষপূৰ্তি অনুষ্ঠানটো আজি দুলীয়াজান ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত সভাপতিত্ব কৰে নিজু ৰাভা গগৈয়ে, সভাৰ উদেশ্য বাখ্যা কৰে সমিটিৰ সম্পাদিকা ফাটেমা খাটুনে ৷

বহুকেইটা সামাজিক বিষয় লৈ সমাজৰ হকে কাম কৰাৰ লক্ষ্যৰে জাগৰণৰ সদস্যা সকল দায়বদ্ধ বুলি সভাপতিয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মহান কাম কৰাৰ দৃঢ় সংকল্পৰে আগ বাঢ়ি যাব খোজা সংস্হাটোৰ অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ সমাজ কল্যাণ বিভাগৰ মূৰব্বী বিষয়া ত্ৰিদীপ হাজৰিকা,সংবাদ মাধ্যমৰ বিশিষ্ট কৰ্মী প্ৰদীপ গগৈ, বিশিষ্ট সমাজ সেৱক তথা ব্যবসায়ী পুতুল শইকীয়া, দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অমিয় খনিকৰ, বিশিষ্ট গায়িকা মনিষা বৰদলৈ,উত্তৰণ কবি চক্ৰৰ সম্পাদিকা মন্দিৰা শইকীয়া ভূঞা৷ৰটাৰীৰ বিষয়ববীয়া ৰীণা মজুমদাৰকে আদি কৰি বহু সন্মানীয় অতিথি সকলে সভাত ভাষন প্ৰদান কৰে৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com