দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত দিনৰ ৩ বজালৈকে ৰাজ্যত ভোটৰ হাৰ ৬০.৩৮ %

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত দিনৰ ৩ বজালৈকে ৰাজ্যত ভোটৰ হাৰ ৬০.৩৮ %

আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।

এই ৫ টা লোকসভা সমষ্টিত দিনৰ ৩ বজালৈকে ভোটৰ হাৰ হৈছে ৬০.৩৮ শতাংশ । ৩ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ৬৩.৬৬ শতাংশ, শিলচৰত ভোটৰ হাৰ ৫৭.০৬ শতাংশ, স্বায়ত্ত শাসিত পৰিষদ ডিফুত ৬২.৭০ শতাংশ, মংগলদৈত ভোটৰ হাৰ ৬২.৭৩ শতাংশ আৰু নগাঁওত ৫৬.৭৮ শতাংশ ভোটৰ হাৰ ।

কৰিমগঞ্জ, শিলচৰ, মংগলদৈ, নগাঁও আৰু স্বায়ত্ত শাসিত পৰিষদ ডিফুত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ৮৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।৫ টা সমষ্টিত ৬৯,১০,৫৯২ ভোটাৰ আছে । ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ । ১৮০ জন তৃতীয় লিংগ ।আজি ৫ টা লোকসভা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব । নিকা আৰু মুক্ত নিৰ্বাচনৰ বাবে ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ১৩৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ১১ টা কৰিমগঞ্জত, ২৬ টা নগাঁওত, ৬৭ টা মংগলদৈত, ১০ টা শিলচৰত আৰু ২৩ টা ডিফুত মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে । ৫ টা লোকসভা সমষ্টিত ১০৩৩ ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। কৰিমগঞ্জত ৩৫০ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে, ৪১০ টা শিলচৰত, ৪৩ টা মংগলদৈত আৰু ২৩০ টা ডিফুত আছে ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ ।

৫ টা লোকসভা সমষ্টিত বহু কেইটা কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে পলম কৈ আৰম্ভ হৈছিল ভোট গ্ৰহণ । হোজাই জিলাৰ কাকীত ইভিএম বিকল হোৱাৰ লগতে নিজৰাপাৰৰ ২১০ নং ভোট গ্ৰহণ কেন্দ্ৰত, যমুনামুখৰ ১৬০ নং কেন্দ্ৰত, পশ্চিম জাৰুণি ভোট গ্ৰহণ কেন্দ্ৰত, হোজাই শংকৰদেৱ নগৰত, শংকৰ বস্তিৰ এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল।ডিমা হাছাওত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com