ধুবুৰী চহৰত হোৱা যানযটৰ সমস্যাত প্ৰতিক্ৰিয়া জনসাধাৰণৰ

ধুবুৰী চহৰত হোৱা  যানযটৰ সমস্যাত প্ৰতিক্ৰিয়া জনসাধাৰণৰ
Published on

তীব্ৰ যানযতৰ সমস্যাই দেখা দিছে ধুবুৰী চহৰক ৷ চহৰখনৰ ৪,৫,৬,৭,৮,৯ আৰু ১০ নং ৱাৰ্ডত বাহন, অ’ট’ ৰিক্সা,ই ৰিক্সা,চাইকেলৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণে যাতায়তৰ সমস্যাই দেখা গৈছে ৷ বাহনৰ সংখ্যা বৃদ্ধি,অট’ৰিক্সা, ফুটপাথৰ সমস্যা,পাকিং আৰু পথৰ সংখ্যা বৃদ্ধিৰ কাৰণে ধুবুৰীৰ চহৰত প্ৰায়ে যাতায়তৰ সমস্যা দেখা যায়। কেন্দ্ৰীয় চৰাকাৰে কেৱল ১৫ ট’ট’ নিৰ্মাৰ্ণ কম্পনীক মঞ্জুৰী দিছে । তেওঁলোকে জিলা পৰিবহন কাৰ্যালয়ত বাহন আৰু বাইকৰ ক্ষেত্ৰত পঞ্জীকৃত কৰা কৰিব লাগে ৷

দ্য চেন্টিনেলৰ লগত মতবিনিময় কৰি ধুবুৰী লায়ন্সৰ ক্লাবৰ সচিব সঞ্জয় চেট্টীয়ে কয় যে জিলা প্ৰশাসন আৰু ধুবুৰী মিউনিছিপাল বৰ্ডৰ দ্বাৰা বিগত বৰ্ষত পথৰ কাষত থকা প্ৰায় ৫০০ বিক্ৰেতাক বেদখল কৰা হৈছিল যদিও এতিয়াও ৭০০ ফেৰীৱালা আৰু ফুটপাথ বিক্ৰেতাই নিজৰ ব্যৱসায় কৰি আছে ৷ সেট্টীয়ে লগতে কয় যে নেতাজী সুভাষ পথ আৰু কবৰস্তান পথৰ কাষত বিক্ৰেতাসকলৰ দ্বাৰা শাক পাচলি বজাৰ আৰম্ভ কৰিছে ৷কিন্তু এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

পাৰ্কিং স্থান সমূহতো বিভিন্ন প্ৰতিস্থান অহাৰ কাৰণে ব্যাপক যানযঁতৰ সমস্যা দেখা গৈছে ধুবুৰীত ৷ধুবুৰী নগৰ পালিকা বৰ্ডৰ অধিকাৰী ভাৰত এচে এই ক্ষেত্ৰত কয় যে আমি অনতি পলমে পথৰ কাষৰ দখলকাৰী সকলৰ ক্ষেত্ৰত ব্যৱস্থা ল’ম। এই ক্ষেত্ৰত অতি শীঘ্ৰেই ধুবুৰী চাৰ্কোল কাৰ্যালয় আৰু জিলা পৰিবহন কৰ্যালয়ৰ সহিতে সকলো বিভাগীয় বিষয়াৰ লগতে বৈঠকত মিলিত হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com