নগাঁও শিক্ষন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° সিদ্ধাৰ্থ শইকীয়াৰ পৰলোকপ্ৰাপ্তি

নগাঁও শিক্ষন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° সিদ্ধাৰ্থ শইকীয়াৰ পৰলোকপ্ৰাপ্তি

নগাঁও শিক্ষন মহাবিদ্যালয়ৰ জেষ্ঠ্য অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° সিদ্ধাৰ্থ শইকীয়াৰ যোৱা ১ অক্টোৱৰ তাৰিখে সন্ধা প্ৰায় ৬:৫০ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় ।

তেখেতৰ মৃত্যুৰ বাতৰি পুৱাৰ লগে লগে শিক্ষন মহাবিদ্যালয়ত এক গভীৰ শোকৰ চাঁ পৰিছে । সকলো শিক্ষক-প্ৰশিক্ষাৰ্থী এক গোট হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ উদ্দেশ্যে প্ৰশিক্ষন মহাবিদ্যালয়ত এখনি শোকসভা অনুষ্ঠিত কৰি তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পন কৰাৰ লগতে তেখেতৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।

অতি অমায়িক,মৃদুভাষি,সকলোৰে মৰমীয়াল ড° শইকীয়াই মৃত্যুৰ সময়ত এগৰাকী কন্যা সহ পত্নীকে ধৰি বহু আত্মিয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৫ বছৰ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com