নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ওদালগুৰিত আছুৰ সকীয়নি বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ওদালগুৰিত আছুৰ সকীয়নি বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ তীব্ৰ দাবীত সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত সকীয়নি বিক্ষোভ কাৰ্যসূচীৰ গ্ৰহণ কৰে । ওদালগুৰি চহৰৰ দুৰ্গা পূজা মণ্ডপৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলে ওদালগুৰি চহৰখন মাজেৰে পৰিভ্ৰমণ কৰি বিক্ষোভ সমদলৰ সামৰণি কৰে বিষ্ণু ৰাভা কৃষ্টি সংঘত ।

এই প্ৰতিবাদী সমদলত অংশ লয় আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য , ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস আৰু জিলা সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ৰ লগতে বহু কেইখন শাখা ছাত্র সন্থাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰণতেই গ্ৰহণ কৰিব দিয়া নহব বুলি সকীয়াই দিয়াৰ লগতে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰ খনে খিলঞ্জীয়া বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিলে আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ দিয়ে নেতৃবৃন্দ‌ই। বিজেপি হাই হাই, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই গ্ৰহণ কৰিব দিয়া নহব, এই যুঁজ মাটিৰ যুজঁ, এই যুঁজ জাতীয় যুজঁ ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে ওদালগুৰি চহৰৰ মাজমজিয়া।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com