নাৱালিকক দলবদ্ধ ধৰ্ষন কৰি হত্যা

নাৱালিকক দলবদ্ধ ধৰ্ষন কৰি হত্যা

এক নৃশংসনীয় ঘটনাই জোকাৰি থৈ যায় সোণাৰি আৰক্ষী চকীৰ অন্তৰ্গত চৰাইদেও টি ইষ্টেতৰ খেৰা বস্তি অঞ্চল।যোৱা ৩১ আগষ্টত কোনো দুষ্কৃতি লোকে এগৰাকী নাৱালিকক দলবদ্ধ ধৰ্ষন কৰি হত্যা কৰে। ৩১আগষ্টত খেৰা বস্তিৰ লোকে ধৰ্মীয় উৎসৱ তথা মনসা পূজাৰ আয়োজন কৰিছিল।স্থানীয় লোক সকলৰ পৰা জানিব পৰা মতে,নাৱালিক গৰাকীয়েও সেই পূজাত অংশ-গ্ৰহন কৰিছিল।পূজা মণ্ডপত এজন লোকে গনেশ বনিক নামৰ এজন ব্যক্তিয়ে ছোৱালী জনীক ফোন কৰি কিছুকাৰনৰ বাবে ওচৰৰে ঠাইলৈ যাবলৈ লগ ধৰিছিল। পৰৱৰ্ত্তী সময়ত সেই দুষ্কৃতি লোকে নাৱালিক গৰাকীক বলপূৰ্বক ভাৱে দলবদ্ধ ধৰ্ষন কৰি হত্যা কৰে।

ছেপ্তেম্বৰৰ ১ তাৰিখ তথা পিছদিনা খন গাঁওবাসীয়ে গাঁৱৰে ওচৰৰ জংঘলত এজোপা গছত চিপ লৈ থকা অৱস্থাত ছোৱালী জনীৰ মৃতদেহ উদ্ধাৰ হয়।ছোৱালীজনীৰ পিতৃ-মাতৃয়ে মৃতদেহটো চিনাক্ত কৰে আৰু সোনাৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰে,যাৰ জৰিয়তে আৰক্ষীয়ে গনেশ বনিকক সন্দেহ কৰি ছেপ্তেম্বৰৰ ২তাৰিখে গ্ৰেপ্তাৰ কৰে।অভিযুক্ত গনেশ বনিকে আৰক্ষীৰ আগত চিকাৰোক্তি প্ৰদান কৰি আৰু দুজন ব্যক্তি এই অপৰাধৰ লগত জড়িত থকাৰ কথা সদৰী কৰে।এই তথ্যৰ পিছতে স্থানীয় লোকে গনেশ বনিকৰ ঘৰত আক্ৰমন কৰে।সোনাৰিৰ আটছা সংগঠনে এই ঘটনাৰ লগত জড়িত অভিযুক্তক অতি সোনকালে শাস্তি প্ৰদানৰ লগতে আন দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com