নিশ্চিত ভাৱে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হব: সৰ্বানন্দ সোনোৱাল

নিশ্চিত ভাৱে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হব: সৰ্বানন্দ সোনোৱাল

তৃতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি প্ৰকাশ কৰে যে নিশ্চিত ভাৱে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হব। দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ ৫ বজাত ৰেলী আৰু বাইক ৰেলীত অংশগ্ৰহণ কৰে বিজেপি নেতা সকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটী সমষ্টিৰ বাৰেংঘাট বাইক ৰেলীত অংশগ্ৰহণ কৰে। বিজেপিয়ে আন এক বাইক ৰেলীত অংশগ্ৰহণ কৰে। এই ৰেলীত বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাৰ্থী কুইন ওজায়ে অংশগ্ৰহন কৰে।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰেলীৰ ফ্লেগ অফ কৰে। মুখ্যমন্ত্ৰী লগতে অগপ সভাপতি অতুল বৰা , ৰাজ্যিক শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , অসম প্ৰভাৰী মহেন্দ্ৰ সিং উপস্থিত থাকে । ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে আকৌ এবাৰ মোদী চৰকাৰ হোৱাতো নিশ্চিত । অসমৰ জনসাধাৰণে স্বতফুট ভাবে প্ৰধানমন্ত্ৰী আৰু বিজেপিক সমৰ্থন কৰিছে বুলি প্ৰকাশ কৰে ।

বাইক ৰেলীতো খানাপাৰা জি এচ ৰোড হৈ ফাঁচী বজাৰ, ভৰলুমুখ, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী ক্লাব, চান্দমাৰি, আৰ জি বৰুৱা ৰোড, গনেশগুৰি আৰু খ্ৰীষ্টানবস্তী হৈ যায় ।

ৰেলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ প্ৰজন্মৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰীৰ অধিনত দেশ শক্তিশালী হোৱাৰ লগতে দ্ৰুত উন্নয়ন হৈছে । সেই বাবে যুৱ প্ৰজন্ময়ে মোদীক সমৰ্থন কৰিছে বুলি প্ৰকাশ কৰে।

কংগ্ৰেছে আৰু এ আই ইউ ডি এফক সমালোচনা কৰি মোদীয়ে কয় যে এই দুয়োটায়ে সাম্প্ৰদায়িক দল । তেওঁলোকে ৰাজনৈতিক ভাবধাৰৰ বিভেদ সৃষ্টি কৰে । দেশ আৰু ৰাজ্যক শক্তিশালী কৰিবলৈ মোদী চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে।

লগতে সোনোৱালে কয় কংগ্ৰেছৰ ৫৫ বছৰ শাসনত অসমৰ বহু অঞ্চল পিছপৰি আছিল । বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত উন্নয়ন হৈছে ।

বিজেপিৰ সদস্যয়ে এচ বি দেওৰা কলেজৰ পৰা আন এক বাইক ৰেলীত অংশগ্ৰহণ কৰে। এই ৰেলীত বিধায়িকা আঙুৰলতা ডেকা আৰু কুইন ওজায়ে অংশগ্ৰহন কৰে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com