নিৰ্মীয়মান নলা-নৰ্দমা সমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

নিৰ্মীয়মান নলা-নৰ্দমা সমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উপায়ুক্তৰ
Published on

কামৰূপ মহানগৰত নিৰ্মীয়মান নলা-নৰ্দমা সমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্তয়ে । কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৃহস্পতি বাৰে গুৱাহাটী মহানগৰত পৌৰ নিগম আৰু গড়কাপ্তানি বিভাগকে ধৰি সংশ্লিষ্ট বিভাগ সমূহৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা নলা - নৰ্দমা সমুহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিছে ।

বৃহস্পতি বাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে জিলা উপায়ুক্তয়ে । উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে গুৱাহাটীৰ কৃটিম বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৌৰ নিগম, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ, গড়কাপ্তানি বিভাগ, জলসম্পদ, ভূমি সংৰক্ষণ বিভাগৰ সমূহৰ অধীনত চলি থকা কামৰ বিষয়ে আলোচনা কৰা হয়।

গুৱাহাটীত চলি থকা নলা- নৰ্দমা সমুহৰ কাম সমূহ এসপ্তাহ অথবা ১০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তয়ে । লগতে আবৰ্জনা আৰু গেদমুক্ত কৰি ৰাখিবলৈ ব্যবস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে ভৰলু নদী, বাহিনী নদী , মৰা ভৰলু, বোন্দাজান বিল, পামহী, শিলসাকো বিল আৰু দ্বীপৰ বিকল পৰিস্কাৰ কৰি ৰাখিবলৈ ব্যবস্থা গ্ৰহণ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে বৈঠকতে।

এই বৈঠকতে গড়কাপ্তানি বিভাগৰ লগতে জলসম্পদ, সমাজ কল্যাণ , উদ্যোগ আৰু বানিজ্য, ভূমি সংৰক্ষণ , শিক্ষা , বন, মীন, হস্ততাত আৰু বস্ত্ৰশিল্প, এপিডিচিএল আদি বিভাগ সমূহৰ অধীনত চলি থকা কামৰো পৰ্যালোচনা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com