পথ দুৰ্ঘটনাত এজন নিৰ্বাচনী বিষয়াৰ মৃত্যু

পথ দুৰ্ঘটনাত এজন নিৰ্বাচনী বিষয়াৰ মৃত্যু

পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত সঞ্জীৱ বৰা নামৰ এজনৰ নিৰ্বাচনী বিষয়াৰ বুধবাৰে নিশা নিৰ্বাচনৰ দায়িত্ব সমাপ্ত কৰি উভতি আহোতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়। অসম সৰ্বশিক্ষা অভিযানৰ প্ৰকল্প বিষয়া আৰু ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চৰাইদেউ জিলাত নিয়োজিত এজন নিৰ্বাচনী বিষয়া বিষয়া সঞ্জীৱ বৰা(৩৯) বুধবাৰে ৰাতি পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব সমাপ্ত কৰি নিজৰ মটৰ চাইকেলেৰে(As-02-S-6201)উভতি আহোতে ধোদৰ আঁলিত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু বৰণ কৰে। স্থানীয় লোকে প্ৰকাশ কৰা মতে ঘন কুৱলীৰ বাবে সঞ্জীৱ বৰাই নিয়ন্ত্ৰণ হেৰুৱাই আৰু তেওঁৰ মটৰ চাইকেলখনে পথৰ দাতিত থকা এডাল গছত খুণ্ডা মাৰে।গছত খুণ্ডা মৰাৰ পিছত সঞ্জীৱ বৰা এটা নলাত পৰে আৰু শৰীৰত পোৱা আঘাতৰ বাবে অচেতন হৈ পৰে। দুৰ্ঘটনাটোত মৃত্যু বৰণ কৰা সঞ্জীৱ বৰা তেজপুৰৰ নিবাসী আছিল। চৰাইদেউ জিলা প্ৰসাশনে নিৰ্বাচনী বিষয়া জনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com