পাশৱিক হত্যাকাণ্ডৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ

পাশৱিক হত্যাকাণ্ডৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ
Published on

শিৱসাগৰ জিলাৰ চলেইগাঁওত যোৱা মঙলবাৰে নিশা দূৰ্যোধন নেৱাৰ নামৰ এজন দুখীয়া শ্ৰেণীৰ লোকক অতি নিৰ্মমভাৱে হত্যা কৰা হয়।শিৱসাগৰ আৰক্ষীয়ে এই সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰিছে আৰু মহিলা গৰাকী ৰেখা চৰকাৰ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা তথ্যানুসৰি, কিছুদিন পূৰ্বে দুখীয়া শ্ৰনিক জনৰ গৰু এটা ৰেখা চৰকাৰৰ স্বামী সঞ্জয় চৰকাৰে চোৰ কৰিছিল।এই কথাৰ উমান পাই দূৰ্যোধনে গৰু চোৰটোৰ ওচৰলৈ আহিছিল আৰু চিনাক্তকৰন কৰিছিল।তেওঁলোকৰ বিৰুদ্ধে যাতে কোনো ধৰনৰ কঠোৰ ব্যৱস্থা লব নোৱাৰে সেইবাবে,সঞ্জয়,ৰেখাই অন্য কিছুসংখ্যক লোকক মানুহ জনক অৰ্থাৎ দূৰ্যোধনক প্ৰহাৰ কৰিবলৈ লগাই দিছিল আৰু পিছত তেওঁক হত্যা কৰা হয়।বৰ্তমানে শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে আৰু কোনো লোক এই ঘটনাত জড়িত আছে নেকি এই বিষয়েও তদন্ত চলাব আৰক্ষীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com