পুনৰ মৰেল পুলিচগিৰি: ৰাজ্যৰ আইন শৃখলা কোন দিশে?

পুনৰ মৰেল পুলিচগিৰি: ৰাজ্যৰ আইন শৃখলা কোন দিশে?

যিটো সময়ত সমাজত মৰেল পুলিচ কেন্দ্ৰীক ঘটনা ৰোধৰ বাবে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে সেই সময়ত ৰাজ্যৰ বিভিন্ন স্থানত ক্ৰমাগত ভাবে বৃদ্ধি পাই আহিছে মৰেল পুলিচৰ ঘটনা। এইবাৰ আন এক মৰেল পুলিচৰ ঘটনা সংঘটিত হল ওদালগুৰি জিলাৰ পানেৰী পুলিচ থানাৰ অন্তৰ্গত নোনাইপাৰা চাহ বাগিছাত।এদল উদণ্ড যুৱকৰ আক্ৰমণৰ বলি হব লগা হল আন এজন নিৰীহ যুবক। উদণ্ড যুবকৰ দলটোৱে অমানবীয় অত্যাচাৰ কৰি যুবকজনৰ মুক্তিৰ বাবে টকাও দাবী কৰে।

ঘটনাৰ খবৰৰ পৰা জানিবপৰা মতে আমদি জালাল নামৰ কুকুৰাৰ ব্যাৱসায়ী জনে নোনাইপাৰা চাহ বাগিছাৰ শনিবৰীয়া বজাৰত কুকুৰা বিক্ৰীৰ বাবে ওলাই গৈছিল বাটত বিকি তান্টি,ফিলিপ চোনা আৰু শিব সোনা বুলি পৰিছয় দিয়া তিনিজন যুবকে কুকুৰা ব্যাৱসায়ী জালালক বাট ভেঁটি ধৰে আৰু মহিলা এগৰাকীৰ লগত অবৈধ সম্পৰ্ক থকা বুলি গোটেই ৰাতি ব্যাৱসায়ী জনক আবদ্ধ কৰি ৰাখি অত্যাচাৰ চলাই। উদণ্ড যুবকৰ দলটোৱে ৰাতিপুৱা ২০০০০ টকা জৰিমণা আদায় দিয়াৰ পিছতহে আমদি জালাল নামৰ ভূক্তভোগী যুবকজনক মুকলি কৰি দিয়ে। আনকি ব্যাৱসায়ী জনৰ কুকুৰাবোৰো মৰেল পুলিচগিৰি দেখুৱা দলটোৱে লুটি নিয়ে। আমদি জালালে ইতিমধ্যে পানেৰী আৰক্ষী চকীত যুবক কেইজনৰ বিপক্ষে এখন এফ আই আৰ দাখিল কৰিছে। পুলিচে বাতৰি সংগ্ৰহ কৰা সময়লৈ গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই যুবকৰ দলটোক। ঘটনাটোৱে সমগ্ৰ নোনাইপাৰা চাহ বাগিছাত চাঞ্চল্য সৃষ্টি কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com