প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে: আনোৱাৰ হুছেইন লস্কৰ

প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে: আনোৱাৰ হুছেইন লস্কৰ

এইবাৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাক সমালোচনা কৰিছে অসমৰ এজন বিধায়কে। হাইলাকাণ্ডিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে প্ৰধান মন্ত্ৰী গ্ৰাম্য আবাস যোজনা সম্পৰ্কে মন্তব্য কৰি কয় যে অসমত এই আচনি সম্পুৰ্ণ ৰূপে ব্যৰ্থ হৈছে।লস্কৰে কয় যে অসমৰ গ্ৰাম্য আবাস যোজনাৰ সচিৱক সীঘ্ৰে বৰ্খাস্ত কৰিব লাগে। সোমবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত অংশগ্ৰহণ কৰি এআইইউডিএফৰ বিধায়ক গৰাকীয়ে কয় যে ২০১৫-১৬ বিত্তিয় বৰ্ষত প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনা কাৰ্য্যকৰী কৰাৰ পিছৰে পৰা অসমত গ্ৰাম্যাঞ্চলত আবেদন কৰা ১.২ লাখ আবেদন কাৰীৰ ভিতৰত ৫৭৩৬৪ টা গৃহত অনুমোদন জনোৱা হৈছে। কিন্তু এতিয়ালৈ অসমত মাত্ৰ ১১ টা আৱাস গৃহহে উক্ত আচনিৰ অধীনত নিৰ্মান সম্পুৰ্ণ কৰা হৈছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে আচনি খনৰ ব্যৰ্থতাৰ দিশ।

অসমত প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনা আৰু প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনা ৰ ক্ষেত্ৰত দুয়োগৰাকী সচিৱে সম্পুৰ্ণ ৰূপে ব্যৰ্থ হৈছে। অসমৰ আচনি খনৰ সচিব চানেক সিঙে সদায় নিজৰ খেয়াল খুচি মতে কাম-কাজ কৰি আহিছে আৰু এই ক্ষেত্ৰত তেওঁক মুখ্য নিৰ্দেশকে সহায় কৰি আহিছে।সকলোৰে সহযোগিতাই আচনিখন অসমত এক ব্যৰ্থতাৰ চানেকী হিচাপে পৰিণত কৰিছে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। সচিৱ গৰাকীয়ে বাচ বিছাৰ নকৰাকৈ আচনিৰ ধন সমূহ খৰছ কৰিছে আৰু এতিয়া আচনিৰ ধন সম্পুৰ্ণৰুপে ব্যৱহাৰ হোৱা বুলি প্ৰমান পত্ৰ প্ৰদান কৰিব বিছাৰিছে। বিগত বৰ্ষত আচনিৰ ধন ব্যৱহাৰৰ তথ্য জমা নিদিয়াৰ বাবে ২০১৮-১৯ বৰ্ষত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটকাও ধন ব্যৱহাৰ হোৱা নাই। চলিত বিত্তিয় বৰ্ষত এই আচনিৰ অধীনত কোনো ধৰণৰ কাম হোৱা নাই। কেন্দ্ৰই বাৰাম্বাৰ অনুৰোধ কৰাৰ পিছতো আচনিৰ সচিব গৰাকীয়ে সহাৰি প্ৰদান কৰা নাই।

আচনি খনত কামকৰি থকা কৰ্মচাৰীৰ সন্দৰ্ভত লস্কৰে কয় যে আচনি খনত কাম কৰি থকা কৰ্মীও যথেষ্ট কম হৈ আছে ১২২ জন কৰ্মচাৰীৰ প্ৰয়োজনৰ বিপৰীতে মাত্ৰ ৩২ জন কৰ্মচাৰীয়েহে আচনিখনত কাম কৰি আছে। আচনিৰ নিয়ম অনুসৰি প্ৰতিখন জিলাতে চাৰিজনকৈ কৰ্মচাৰী থাকিব লাগে। সঁচা কথাটো হ'ল আচনিখনত থকা ১২২ জন সদস্যৰ প্ৰয়োজনীয়তাৰ ভিতৰত এতিয়াও ৯০ টা পদ খালী হৈ আছে।এতিয়াও বাকচা, হাইলাকাণ্ডি, বিশ্বনাথ আৰু শোনিতপুৰ আদি জিলাত কোনো ধৰণৰ কৰ্মচাৰী নাই। আচনিখনত কৰ্মৰত হৈ থকা ৩২ জন কৰ্মচাৰীও এতিয়ালৈ সময়মতে দৰমহা লাভ নকৰে। লস্কৰে কয় যে মই বহু বাৰ মুখ্যমন্ত্ৰীৰ আগত এই সম্বন্ধে কথা পাতিছো কিন্তু এতিয়ালৈ কোনো ধৰণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এতিয়ালৈ অসমৰ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে গৃহৰ পৰা বঞ্চিত হৈ আহিছে আৰু এইধৰণে কোনোধৰণৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিৰ ২০২২ চনৰ আগতে "সকলোৰে বাবে গৃহ" শ্লোগান ব্যৰ্থ হব।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com