প্ৰসংগ লোকসভা নিৰ্বাচনঃ যুদ্ধং দেহি পৰিস্থিতিৰে নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰত

প্ৰসংগ লোকসভা নিৰ্বাচনঃ যুদ্ধং দেহি পৰিস্থিতিৰে নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰত

সাম্প্ৰতিক নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন ক্ষিপ্ৰ গতিত আগবাঢ়িছে ৷ অৱশ্যে জিলাখনত ত্ৰিকোণীয়ভাৱে হোৱা নিৰ্বাচনৰ ছবি সম্প্ৰতি স্পষ্ট হোৱা নাই ৷ নিৰ্বাচনত বিশেষকৈ প্ৰতিদ্বন্দিতা হৈছে অসম গণ পৰিষদ,বিজেপি আৰু বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম,ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম,নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মাজত ৷ সম্প্ৰতি এই তিনিটা দলৰ মাজত জয়ী হোৱা প্ৰাৰ্থীৰ ছবি স্পষ্ট হোৱা নাই ৷

সাম্প্ৰতিক নিৰ্বাচন ক্ষেত্ৰত নিৰ্বাচনৰ বিশ্লেষক সকলৰ মাজতো উৎসুকতা দেখিবলৈ পোৱা গৈছে ৷ প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ মাজত ভোট বিভাজন হ’ব ৷এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক সমৰ্থন কৰাৰ লগতে আজমলৰ সকলো ভোট ইউজি ব্ৰহ্মক সকলো ভোট স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে ৷ যদি বাস্তৱিকতা এনেধৰণৰ কাৰ্য সংঘটিত হয় ৷তেন্তে মিত্ৰদলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ কাৰণে বিপদৰ সন্মুখীন হ’ব পাৰে ৷

দ্বিতীয়তে,অতি ক্ষিপ্ৰ গতিত প্ৰমীলা ৰাণী ব্ৰহ্মই নিৰ্বাচনৰ প্ৰচাৰ চলাইছে ৷ আৰু বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে যুদ্ধংদেহি পৰিস্থিতিয়ে প্ৰমীলা ৰাণী ব্ৰহ্মৰ কাৰণে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে। ইফালে কোকৰাঝাৰত কংগ্ৰেছৰ আসনত এই বাৰ শব্দ ৰাম ৰাভাক প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

দ্বিতীয়তে বিজনী আৰু বাসুগাঁৱত প্ৰমীলা ৰাণী ব্ৰহ্মৰ কাৰণে নিৰ্বাচনৰ প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে কয় যে ৰাজনীতিৰে এখন শক্তিশালী সমাজ গঠন কৰাৰ কাৰণে সকলোকে আশ্বাস প্ৰদান কৰে ৷ উল্লেখ্য যে, কোকৰাঝাৰৰ সকলো দলৰ প্ৰাৰ্থী সকলে লোকসভা আসনত জয়ী হ’বৰ কাৰণে আশা প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com