প্ৰাক্তন কংগ্ৰেছ সদস্যৰ যোগদান ভাৰতীয় জনতা দলত

প্ৰাক্তন কংগ্ৰেছ সদস্যৰ যোগদান ভাৰতীয় জনতা দলত
Published on

সোমবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যৰ বিজেপিৰ মুখ্যকাৰ্যালয় অটল বিহাৰী বাজপেয়ীৰ ভৱনত হোৱা এখন বৈঠকত এনএছইউএইৰ সভাপতি বিভূতি ভূষণ বৰঠাকুৰ,নেত্ৰৰঞ্জন মহন্তৰ লগতে বিভিন্ন জনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ এই সময়ত বৈঠকখনত উপস্থিত আছিল নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

বিভূতি ভূষণ চৌধুৰীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি যে এআইইউডিএফৰ লগত কৰা গোপন বুজা বুজিৰ কাৰণে দল ত্যাগ কৰে ৷ ইফালে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ নেতাসকলে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত আসনৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ দলটোৱে প্ৰায়ে সংখ্যালঘুসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰে ৷ দলৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে এক পূৰ্ণ পৰাজয় হ’বলৈ আগবাঢ়িছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com