বঙাইগাঁওত ভূটানৰ দুজন নাগৰিকৰ পৰা ৩ লাখ টকা জব্দ

বঙাইগাঁওত ভূটানৰ  দুজন নাগৰিকৰ পৰা ৩ লাখ টকা জব্দ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে দুজন ভূটানৰ নাগৰিকৰ পৰা এচ এচ টি ফ্লাইঙ স্কুৱাৰ্ড আৰু আৰক্ষীয়ে প্ৰায় ৩ লাখ টকা জব্দ কৰে । দুজন ভূটানৰ নাগৰিকে বৃহৎ পৰিমাণৰ ভাৰতীয় টকা কঢ়িয়াই আনিছিল। ব্যক্তি দুজন যিগমি দৰ্জী আৰু ৰিনচেন ক্ৰেচিগনিঙ বুলি চিনাক্ত কৰিছে।

এ এচ ০১ ডি ভি ১০৩৩ নম্বৰৰ মহিন্দ্ৰা স্ক'ৰপিয় গাড়ীত তেওঁলোকে টকা খিনি কঢ়িয়াই আনিছিল । গাড়ী খনৰ চালক আনুৱাৰ হুছেইনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । উল্লেখযোগ্য যে গাড়ী খনত "On Election duty" ৰ এটা ষ্টিকাৰ লগোৱা আছিল । বৰ্তমান আটাইকেইজনকে ৰুনিখাতা আৰক্ষী থানালৈ লৈ যোৱা হৈছে আৰু মেজিষ্ট্ৰেট ৰিঙখাঙ মুছাহাৰিয়ে সমগ্ৰ ঘটনাটো অনুসন্ধান চলাই আছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com