বন বিভাগৰ অভিযানত চোৰাং চেগুন কাঠ জব্দ

বন বিভাগৰ অভিযানত চোৰাং চেগুন কাঠ জব্দ

লংকাৰ পশ্চিম ডাবলংত লংকা বন বিভাগে চলোৱা এক অভিযানত আব্দুল জলিল নামৰ এজনৰ বাসগৃহৰ পৰা বহু পৰিমানৰ অবৈধ ভাৱে মজুত কৰি ৰখা চেগুন কাঠ জব্দ হয় ৷ কেইজনমান ব্যক্তিয়ে যোগান ধৰা তথ্যৰ ভিত্তি বন বিভাগে এই অভিযান চলাই |উদ্ধাৰ হয় বহু পৰিমানৰ চেগুন কাঠ ৷ অৱশ্যে নিশা লংকা বন বিভাগক অবৈধ চেগুন সম্পৰ্কত তথ্য যোগান ধৰা হৈছিল যদিও আজি পুৱাহে বনবিভাগে অভিযান চলোৱাত বহু পৰিমানৰ চেগুন লুকুৱাই পেলোৱা বুলি অভিযোগ উঠিছে ৷ চেগুন মজুত কৰি ৰখা আব্দুল জলিলক বাসগৃহৰ পৰা পলাতক ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com