বাংলাদেশীক স্বদেশী সজোৱাৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰৰ : অতুল বৰা

বাংলাদেশীক স্বদেশী সজোৱাৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰৰ : অতুল বৰা
Published on

ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতি অতুল বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে বাংলাদেশীক স্বদেশী সজাবৰ বাবে চেষ্টা কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ লগতে হিন্দু বাংলাদেশীক দীৰ্ঘম্যাদী ভিছা বাতিল কৰাৰ দাবী উত্থাপন কৰে অসম গণ পৰিষদৰ সভাপতিজনে।অসম চুক্তিৰ আত্মা এনআৰচি বাংলাদেশী মুক্ত কৰি প্ৰকাশ কৰিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক আহ্বান জনাই অগপৰসভাপতিজনে। এখন বিদেশীমুক্ত এনআৰচি হলেহে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মাই শান্তি পাব বুলি কোৱাৰ লগতে এনআৰচিত এজনো বিদেশীৰ নাম সোমাব নোৱাৰাৰ বিপৰীতে এজনো ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব নোৱাৰিব বুলিও মন্তব্য অগপৰ সভাপতিজনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com