বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ অভিনেতা, গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ বিয়োগ 

বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ অভিনেতা, গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ বিয়োগ 

নগাঁও জিলাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , প্ৰবীন অভিনেতা , গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী (৭৩) ৰ আজি পুৱা ১১ বজাত আকস্মিক বিয়োগ ঘটে ৷ জানিব পৰা মতে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিবাসী চক্ৰৱৰ্তীয়ে আজি পুৱা ৯ মান বজাত হঠাৎ শ্বাস- প্ৰস্বাসত অসুবিধা পোৱাত লগে লগে তেঁওক স্থানীয় এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰোৱা হয় যদিও তাৰ কিছু সময়ৰ পাছতেই হৃদক্ৰীয়াত আক্ৰান্ত হৈ তেঁওৰ মৃত্যু হয় ৷

নগাঁৱৰ চকলাঘাটৰ খাটোৱাল গাঁৱত জন্মগ্ৰহন কৰা বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে চকলাঘাট উঃমাঃ বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰি কটন কলেজত প্ৰাক - বিশ্ববিদ্যালয় ৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ন হৈ অভিযান্তিক শাখাত অধ্যয়নৰ সুবিধা পাইছিল ৷ কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে পাছত তেঁও কলা শাখাহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ভৰ্তি হৈ উচ্চ শিক্ষা সমাপ্ত কৰে ৷

তাৰ পাছত তেঁও বহু কেইটা লোভনীয় চাকৰি প্ৰত্যাখান কৰি জন্ম ঠাইৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ শিক্ষক ৰূপে যোগদান কৰি ২০০৩ চনত উক্ত বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয় আৰু ২০০৭ চনত অৱসৰ গ্ৰহন কৰে ৷ ইংৰাজী সাহিত্যত থকা অগাধ বুৎপত্তিৰ বাবে বহুতে তেঁওক "Dictionary" উপ নামেৰেও অভিহিত কৰিছিল ৷ ছাত্ৰাৱাস্থাৰ পৰাই নিজৰ অভিনয় আৰু কাব্য প্ৰভিভাৰ পৰিচয় দিয়া চক্ৰৱৰ্তীয়ে একালৰ বিখ্যাত "গাদী" নাট্যগোষ্ঠীৰ সদস্যৰূপে বিভিন্ন ঠাইত যাত্ৰা - ভাওঁনা অভিনয় কৰি ১৯৭৪ চনত দেৰগাৱঁত অনুষ্ঠিত সদৌ অসদ নাট প্ৰতিযোগিতাত “সম্পাতি” নাটকত অনবদ্য অঠিনয় কৰি শ্ৰেষ্ঠ অভেনতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

তেঁও এগৰাকী সু গীতিকাৰ আৰু কবি ৰূপেও পৰিচিত আছিল ৷ আনহাতে ড° হীৰেণ গোহাঁইৰ একান্ত অনুৰাগী ৰূপে তেওঁ আমৃত্যু লৈকে মাক্সীয় দৰ্শনত অটল আছিল ৷ আজি তেঁওৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগি লগে তেওঁৰ জন্ম ঠাই চকলাঘাটৰ পৰা বিভিন্ন অনুষ্ঠানৰ ভালে সংখ্যক লোক শিক্ষাবিদ গৰাকীৰ বাসগৃহত উপস্থিত হয় ৷

বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া , শিল্পী দেৱ কুমাৰ বৰা , চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ কুমাৰ বৰা, বিষয় শিক্ষক খগেন শইকীয়া , দিপ্তী বৰা , বিশিষ্ট কবি প্ৰদীপ শইকীয়া , চকলাঘাট শাখা সাহিত্য সভাৰ উপ সভাপতি উৎপল হাজৰীকা , সম্পাদক কল্যাণ কুমাৰ বৰা , সমাজকৰ্মী উপেন কটকী আদিয়ে এক শোক সভা যোগে পুৰোধা ব্যক্তিগৰাকী নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ মৃত্যুত হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি , চকলাঘাট ৰাস মন্দিৰ , চকলাঘাট আঞ্চলিক ক্ৰীড়া সংন্থা , ক্ৰীয়েশ্বন আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷মৃত্যুৰ সময়ত তেঁও পত্নীসহ ,ভাতৃ আৰু বহু আত্মীয় কুতুম্বক এৰি থৈ যায় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com