বি বৰুৱা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত

বি বৰুৱা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত
Published on

অসম চৰকাৰে শিক্ষাৰ্থী সকলৰ বাবে গ্ৰহন কৰিছে এক সু-পদক্ষেপ। এই পদক্ষেপ গ্ৰহনে শিক্ষাৰ্থী সকলক বহু পৰিমানে সহায় কৰিব বুলি আশা মন্ত্ৰী সোণোৱালৰ।গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত ২০১৮ বৰ্ষৰ একাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।একাদশ শ্ৰেণীৰ মুঠ ১ লাখ ৭১ হাজাৰ ৬৫ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া কিতাপ।অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।ইয়াৰ উপৰিও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী পল্লৱ লোচন দাস, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com