বুধবাৰে কাছাৰৰ বৰখলা উন্নয়ন খণ্ডৰ উন্নয়নৰ বুজ লয় জিলা উপায়ুক্ত লায়া মাদুৰীয়ে । জিলা উপায়ুক্ত লায়া মাদুৰীক সংগ দিয়ে কাছাৰৰ ডিআৰডিএ পি ডি ৰসৰাজ দাসে । PMAY , MGNREGA আচনিৰ অধিনত বহুতো চৰকাৰী আচনি ৰূপায়ণৰ ক্ষেত্ৰত আৰু খণ্ডটোৰ উন্নয়ন মুলক কাম সমুহ পিছ পৰি থকাত জিলা উপায়ুক্ত গৰাকীয়ে অসন্তুষ্টি ব্যক্তি কৰে ।
অঞ্চলটো উন্নয়নৰ বুজ লৈ অতি সোনকালে কাম সমুহ কৰিবলৈ পিডিক নিৰ্দেশ দিয়ে লায়া মাদুৰীয়ে । লায়া মাদুৰীয়ে এচ ই ডি অৰ সদস্য সকলৰ লগত আলোচনা কৰাৰ লগতে বৰখলাৰ স্থানীয় এন জি অৰ সদস্যৰ লগতো আলোচনা কৰি অঞ্চলবাসীয়ে যি সমস্যাৰ সন্মুখীন হৈ আহিছে সমস্যা সমুহ সমাধান কৰিবলৈ নিৰ্দেশ দিছে । খণ্ডটোৰ ৰিমোট অঞ্চল সমূহতো পৰিদৰ্শন কৰে আৰু এমজিএনৰেগা আঁচনিৰ অধিনত বৰখলা পানীৰ ব্যৱস্থাও বুজ লয় ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি