ভংগ হ'ল ৭০ সংগঠন: ৭০ সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিল ঐক্য সেনা অসম

ভংগ হ'ল ৭০ সংগঠন:  ৭০ সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিল ঐক্য সেনা অসম

ভংগ হ'ল ৭০ সংগঠন। ৭০ সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিল ঐক্য সেনা অসম। গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল যোগে জনালে ঐক্য সেনা অসমৰ সভাপতি দেৱজ্যোতি শৰ্মাই। তেওঁলোকৰ অভিযোগ যে ৭০ টা সংগঠনৰ দুই এটা সংগঠনে কোনো বিশেষ ৰাজনৈতিক দলক সহায় কৰিছে। যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ প্ৰসংগ সাময়িক ভাৱে বাতিল হৈছে সেয়ে ৭০ সংগঠনৰ পৰা তেওঁলোকে আনুষ্ঠানিক ভাৱে আঁতৰি আহে বুলি ঘোষণা কৰে। ৭০ সংগঠনৰ পৰা আঁতৰি আহিলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব ঐক্য সেনা অসমে। পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যদি বিভিন্ন দল সংগঠনৰ লগত একেলগে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু আছে বুলিও উল্লেখ ঐক্য সেনা অসমে।

কংগ্ৰেছ, বিজেপি, অগপ আৰু এ আই ইউ ডি এফ ৰাজনৈতিক দল সমূহক সমালোচনা কৰি দলৰ সাধাৰণ সম্পাদক শ্বহিদুল ইছলামে মন্তব্য কৰে যে, "তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিছে কিন্তু আমাক প্ৰতিশ্ৰুতি নালাগে আমাক প্ৰকৃত কাম লাগে।" ২০১৬ চনৰ ৪ ছেপ্তেম্বৰত ঐক্য সেনা অসমৰ জন্ম হৈছিল আৰু জন্ম লগ্নৰে পৰা তেওঁলোকে বানপানীৰ ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ লিখিত ৰূপে দিৱলৈ আহ্বান জনায়। দ্বিতীয়তে গৰা খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে বিজ্ঞান সন্মত সমাধান লাগে। অসমৰ চাহ শিল্পৰ মুখ্য কাৰ্য্যালয় অসমত স্হাপন কৰাৰ দাবী জনায়। ৰাজ্যত ভয়াবহ ৰূপে নিবনুৱা সমস্যা বৃদ্ধি হোৱাত কি পদক্ষেপ লৈছে সেয়া ৰাজনৈতিক দলৰ ইস্তাফাত জনাব লাগিব বুলি উল্লেখ কৰে ঐক্য সেনা অসমে। অসমৰ খেতিয়কৰ বাবে উন্নত পদক্ষেপ আৰু অসমীয়া খিলঞ্জীয়া অসমীয়া যুৱক যুৱতী সকলৰ বাবে ১০০ শতাংশ কৰ্ম্ম সংস্হাপন বাধ্যতামূলক কৰিব লাগিৱ বুলি উল্লেখ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে।

আনহাতে চাহ জনগোষ্ঠীক দিয়া ১৭০ ৰ পৰা ১৮০ টকাৰ মজুৰিৰ পৰিবৰ্তে প্ৰতিজন বাগানৰ কৰ্মীক ৪০০ টকাৰ মজুৰি দিয়াৰ কথা ইস্তাফাত লিখিব লাগে বুলি দাবী জনাই। অসমৰ জ্বলন্ত সমস্যা বোৰৰ সমাধানৰ বাবে বাস্তৱ সন্মত কাৰ্য্যসূচী লাগে বিচাৰি সকলো ৰাজনৈতিক দলক আহ্বান জনায়।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com