মঙলদৈৰ বনমালী শৰ্মালৈ ভূপেন হাজৰিকা প্ৰেৰণা বটাঁ ২০১৮

মঙলদৈৰ বনমালী শৰ্মালৈ ভূপেন হাজৰিকা প্ৰেৰণা বটাঁ ২০১৮

মঙলদৈৰ উদীয়মান সাংস্কৃতিক কৰ্মী, উদ্যামী যুৱ সংগঠক তথা দৰং জিলা পৰিষদৰ তদানীন্তন জিলা আঁচনি বিষয়া ছিপাঝাৰৰ ঐতিয্যমণ্ডিত নাৰিকলি গাঁওৰ বনমালী শৰ্মালৈ সাৰে গামা সুৰ বাহিনী অসমে আগবঢ়াইছে " ভূপেন হাজৰিকা প্ৰেৰণা বঁটা ২০১৮ " ।

সাৰেগামা সুৰ বাহিনীৰ সৈতে জাতীয়তাবাদী গণ সন্মিলন অসমে যৌথভাৱে প্ৰদান কৰিবলগীয়া এই বটাঁটি অহা ৪ নৱেম্বৰত গুৱাহাটীস্থ বি বৰুৱা কেন্সাৰ হস্পিতালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত সাংস্কৃতিক কৰ্মী বনমালী শৰ্মাক উক্ত বঁটাটি প্ৰদান কৰা হব বুলি সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোনমণি দত্ত, জাতিয়তাবাদী গণ সন্মিলনীৰ আহবায়ক পদুম নাথ, খনিন দাস আৰু আকাশ জ্যোতি বৰাই জনাইছে।

উল্লেখ্য যে জিলাখনত প্ৰথমবাৰৰ বাবে "ভূপেন হাজৰিকা প্ৰেৰণা বঁটা " লাভ কৰাৰ বাবে বনমালী শৰ্মালৈ সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি বিপুল মহন্ত, সচিব প্ৰধান উপেন ডেকা আৰু মঙলদৈ আৰ্টচ, স্পৰ্টচ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্বনৰ সভাপতি হিমাদ্ৰী কুমাৰ শৰ্মাই অভিনন্দন জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com