মহাপুৰুষ দুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যুৱ প্ৰজন্মক আগবাঢ়ি যাবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

মহাপুৰুষ দুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যুৱ প্ৰজন্মক আগবাঢ়ি যাবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে
Published on

বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) গুৱাহাটী কৰ্মাচ কলেজত ড° পূৰ্ণানন্দ শইকীয়াৰ লিপ্যন্তৰসহ ইংৰাজীলৈ অনুদিত মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ দ্বিতীয় সংস্কৰণ উন্মোচনত ভাগ লয় ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যুৱ প্ৰজন্মক উদ্দেশ্য কৰি কয় যে, জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে আধ্যাত্মিকভাৱে সবল হোৱা প্ৰয়োজন।

যুৱ প্ৰজন্মই আধ্যাত্মিক মূল্যবোধৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ শিক্ষাই সকলোকে সুখী আৰু সন্তুষ্টিজনক জীৱন যাপন কৰাত সুবিধা প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে গুৱাহাটী কমাৰ্ছ কলেজক ৰাজ্য চৰকাৰৰ ব্যৱসায় নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰাৰ দিশত সহায় হাত আগবঢ়াবলৈ আহ্বান কৰে ৷

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিছিৰ পৰা সুবিধা উপভোগ কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে ৷ লগতে দুয়োজন মহাপুৰুষৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱনত মানবীয় মূল্যবোধৰ দ্বাৰা সকলো ক্ষেত্ৰতে উপকৃত হোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে ৷

উল্লেখ্য যে এই অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ভৱেশ গোস্বাম,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা,গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতাকে ধৰি গন্য মান্য ব্যক্তি উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com