মহিলাসম্পৰ্কীয় অপৰাধ,অন্ধবিশ্বাসৰ সজাগতা সভা

মহিলাসম্পৰ্কীয় অপৰাধ,অন্ধবিশ্বাসৰ সজাগতা সভা

যোৱা বৃহস্পতিবাৰে লক্ষীমপুৰ জিলাৰ আজাদ অঞ্চলৰ কাৰচন এলপি স্কুলত মহিলাসম্পৰ্কীয় অপৰাধ,অন্ধবিশ্বাস,বাল্য বিবাহ আদিৰ বিৰুদ্ধে এখন সজাগতা সভাৰ আয়োজন কৰে।সভা খনৰ আয়োজন কৰে সুৰুযমুখী মহিলা সমাজে।সভা খন সভাপতিত্ব কৰে সুৰুযমুখী মহিলা সমাজৰ উপ সভাপতি কিৰন শইকীয়াই।সভানেত্ৰী কমলা গগৈয়ে সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে- উক্ত সভা খনত অতিৰিক্ত আৰক্ষী অধিক্ষক ড° ৰশ্মিৰেখা শৰ্মা উপস্থিত থাকি তেওঁ বহুমুলীয়া ভাষনত কয় যে,মহিলাৰ ভ্ৰুণ হত্যা,বাল্য বিবাহ,নিৰ্যাতন,ধৰ্ষন আৰু অন্যান্য মহিলা সম্পৰ্কীয় অপৰাধ সমূহ বন্ধ কৰা তথা হ্ৰাস কৰাৰ পোষকতা কৰে লগতে তেওঁ মহিলা শিক্ষা আৰু মহিলা অৰ্থনৈতিক সৱলীকৰনৰ জৰিয়তে এই সমস্যা সমূহ দূৰ হ'ব বুলি তেওঁ ব্যক্ত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com