মৰিগাঁওৰ ৪৭৯ টা ভোট গ্ৰহণ কেন্দ্ৰত বিদুৎ ব্যবস্থা নাই

মৰিগাঁওৰ ৪৭৯ টা ভোট গ্ৰহণ কেন্দ্ৰত বিদুৎ ব্যবস্থা নাই

লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ সমগ্ৰ ৰাজ্য। মৰিগাঁও জিলাৰ ৮১২ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৪৭৯ ভোট গ্ৰহণ কেন্দ্ৰত নাই বিদুৎৰ ব্যবস্থা । প্ৰশাসনে বৰ্তমান এই ভোট গ্ৰহণ কেন্দ্ৰ সমুহত অস্থায়ী ভাবে বিদুৎ ব্যবস্থা কৰাৰ ব্যৱস্থা কৰিছে।

নিৰ্বাচনী বিষয়া সকলৰ লগত হোৱা এক বৈঠকত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰায়ে কয় যে ৪৭৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৯৩ টা ভোট গ্ৰহণ কেন্দ্ৰত অস্থায়ী বিদুৎ সংযোগৰো ব্যবস্থা নাই । জিলা উপায়ুক্ত গৰাকীয়ে বিদুৎ বিভাগক জিলা খনৰ ভোট গ্ৰহণ কেন্দ্ৰ সমুহত অস্থায়ী ভাবে বিদুৎ যোগানৰ ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিছে ।

উল্লেখযোগ্য যে বহুতো চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়তে প্ৰয়োজনীয় আচবাব, শৌচাগাৰ আৰু খোৱা পানী ৰ ব্যবস্থা নাই । তাৎপৰ্যপূৰ্ন যে, সৰ্ব শিক্ষা অভিযানে চৰকাৰী বিদ্যালয় সমূহৰ উন্নয়নৰ বাবে কোটি টকা অনুদান দিছে কিন্তু সেই পৰিমাণে বিদ্যালয় সমূহত উন্নয়ন দেখিবলৈ পোৱা নাই ।

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ কেন্দ্ৰ সমুহত পুৰ্ন পৰ্যায়ত প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । ১১ এপ্ৰিলত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ। ১৮ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব । নগাঁও লোকসভা সমষ্টি ৰ অন্তৰ্গত মৰিগাঁওত ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com