যানবাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ হ’বলৈ আহ্বান যানবাহন উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াৰ

যানবাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ হ’বলৈ আহ্বান যানবাহন উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াৰ

মহানগৰীত সততে বাঢ়ি অহা তীব্ৰ যানযটে যাত্ৰীসকলক প্ৰায়ে হাৰাশাস্তি সন্মুখীন কৰোৱাটো নতুন কথা নহয়। যান বাহন আৰক্ষীসকলে তীব্ৰ যানযটৰ পৰা যাত্ৰীসকলক সকাহ দিবলৈ চেষ্টা কৰি আছে ৷ দ্য চেন্টিনেল ডিজিটেলৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত যান বাহন উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই মহানগৰীত যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ ৰাইজক সজাগ হ’বলৈ আহ্বান কৰে । গুৱাহাটী মহানগৰী জনসংখ্যাৰ লগতে ব্যৱসায় বানিজ্যকে আদি সকলো ফালৰ পৰা বিকাশৰ পথত আগবাঢ়ি যোৱা এখন চহৰ ৷ গতিকে যান বাহন আৰক্ষী বিভাগত যিসমূহ আৰক্ষী আছে, তেওঁলোকক যান বাহনৰ সমস্যা য’ত অধিক হয় ৷ সেই সমূহতহে নিয়োগ কৰা হৈছে ৷

প্ৰত্যেক ট্ৰেফিক পইন্টতে অজস্ৰ তিনিআলি চাৰিআলি আছে ৷ কিন্তু সকলোবোৰ স্থানত একোজনকৈ যানবাহন আৰক্ষী দিয়াতো সম্ভৱ নহয় বুলি কয় যান বাহন উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ ইফালে যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাইজৰ সহযোগৰ আৱশ্যকতাৰ সম্পৰ্কে মন্তব্য কৰে আয়ুক্ত প্ৰশান্ত শইকীয়াই ৷ তেওঁ কয় যে জনসাধাৰণে আইন মানি চলিবই লাগিব ৷ যান বাহন সমস্যাতো কেৱল গুৱাহাটী মহানগৰীৰে সমস্যা নহয় ৷ ইয়াৰ কাৰণে জনসাধাৰণক সজাগ কৰিব লাগিব ৷ পৰিস্থিতি সাপেক্ষেহে যিকোনো সিদ্ধান্ত লোৱা হয়।

গতিকে এই ক্ষেত্ৰত প্ৰথম কথা জনতাই সহযোগ কৰিবই লাগিব ৷ যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ঠাইত যদি ন’ পাৰ্কিং কৰা হৈছে ৷ তাক জনতাই সন্মান জনাব লাগিব ৷ প্ৰত্যেক জন লোকেই আইনক সন্মান জনায় সমান্তৰালকৈ পথৰ নীতি নিয়মক সন্মান জনাবই লাগিব৷ আনহাতে যান বাহন উপ আৰক্ষী বিষয়া প্ৰশান্ত শইকীয়াই লেন ড্ৰাইভিঙৰ সম্পৰ্কত মন্তব্য কৰি কয় যে বহু চালকে লেন ড্ৰাইভিঙ নাজানে ৷ তেওঁলোকে কোনটো লেনত গ’লে তেওঁলোকৰ সুবিধা আৰু অন্যান্য বাহন চালনকৰ অসুবিধা নহয়, সেই সম্পৰ্কে জ্ঞাত নহয় । গতিকে কেৱল ড্ৰাইভিং লাইচেন্স থাকিলেই নহ’ব ৷ চালকৰ যানবাহনসমূহ য’তে ত’তে ৰখোৱাৰ কাৰণে যাতে ১০০ জন মানুহৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব ৷

উল্লেখ্য যে,মহানগৰীত প্ৰায়ে চিটীবাছসমূহে বাছ আস্থানৰ সমূহৰ বাহিৰে য’তে ত’তে ৰাখি যাত্ৰীসকলক উঠাই অনা দেখা যায়। এই সম্পৰ্কে প্ৰশান্ত শইকীয়াই কয় যে এই ক্ষেত্ৰত চিটী বাছ চালকৰো দায়িত্ব থাকে যে য’তে ত’তে বাছখন ৰাখিব নালাগে ৷ আৰু যাত্ৰীসকলৰ দায়িত্ব থাকে যে বাছখন কেৱল বাছ আস্থান সমূহতহে ৰাখিব ৷ কাৰণ তেনেধৰণৰ এখন বাছৰ কাৰণে বাকী বাছ সমূহৰ চলাচলত বাধাৰ সৃষ্টি হয়। আনহাতে সততে দেখা যায় যে ফুটপাথসমূহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও , বহু লোকে নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ ঠাই হিছাপে ব্যৱহাৰ কৰে ৷

এই সন্দৰ্ভত প্ৰশান্ত শইকীয়া কয় যে ফুটপাথ সমূহ কেৱল পদপথৰ যাত্ৰী সকলৰ কাৰণেহে ৷ ফুটপাথ ৰখাই থোৱা গাড়ী,ব্যৱসায়িক প্ৰতিষ্ঠানে অন্য এজনৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে ৷ গতিকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জনতাক সজাগ হ’বলৈ কোৱাৰ লগতে পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে আয়ুক্ত প্ৰশান্ত শইকীয়াই ৷ তেওঁ জিএম চি,পিডব্লিউডি আৰু জিএমডিএ সকলো বিভাগ একত্ৰিত হৈ বিভিন্ন অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা কয় ৷লগতে প্ৰায়ে যুৱ প্ৰজন্মৰ মাজত প্ৰচলিত বাইক ষ্টান্টৰ সন্দৰ্ভত প্ৰশান্ত শইকীয়াই কয় যে সম্প্ৰতি বাইক ষ্টাষ্ট কিছু কমিছে যদিও কিছুমান ঠাইত দেখিবলৈ পোৱা যায় ৷ আৰু এই সন্দৰ্ভত অভিভাৱক সকলক সজাগ হোৱাৰ কথা উল্লেখ কৰে যান বাহন আয়ুক্তগৰাকীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com