লক্ষীমপুৰত ৩০০ সৌৰ লেম্প বিতৰন

লক্ষীমপুৰত ৩০০ সৌৰ লেম্প বিতৰন
Published on

যোৱা সোমবাৰে লক্ষীমপুৰ জিলাৰ ঢ়কুৱাখানা মহকুমাৰ মাটমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ৩০০টা সৌৰ লেম্প বিতৰন কৰে।অনুষ্ঠান খন আয়োজন কৰে কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অৱ নিউ এণ্ড ৰিনিউৱেল এনাৰ্জীয়ে আৰু অসম ৰাজ্য গ্ৰামীন অজীৱিকা মিছনৰ সহযোগৰ সৈতে হৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনে।আনুষ্ঠানিক ভাৱে সৌৰ লেম্প বিতৰনৰ অনুষ্ঠান খন বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ গগৈয়ে উদ্ধোধন কৰে,ইয়াৰ লগতে সভা খনত উপস্থিত থাকে ঢকুৱাখানাৰ এএছআৰএলএম বল্ক সমন্বয়ক দিপাংকৰ পেগু আৰুৱহৰ্হি প্ৰগতি গ্ৰাম্য সংগঠন অন্তৰ্গত এছএইচজিএছৰ ১৭জনকৈ সদস্যও অনুষ্ঠান খনত উপস্থিত থাকে।

মাটমৰা গাওঁত বিজুলী সেৱাৰ কোনো ব্যৱস্থা নথকাৰ বাবে সেই গাওঁৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সৌৰ লেম্প অতি প্ৰয়োজনীয়। হৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনে অতি কম মুল্যতে সৌৰ লেম্প বিতৰনৰ বাবে সুন্দৰ পদক্ষেপ গ্ৰহন কৰিছে।হৰ্হি প্ৰগতি গ্ৰাম্য সংগঠনৰ অন্তৰ্গত এছএইচজিএছৰ সদস্যই সৌৰ লেম্প নিৰ্মান কৰে আৰু প্ৰত্যক্ষ নিৰীক্ষণ কৰে মুম্বাই আইআইটিৰ সৈতে এএছআৰএলএময়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com