লামডিঙত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু

লামডিঙত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু
Published on

লামডিঙৰ আপাৰ বাবুপট্টিত বিদ্যুৎপৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হোৱা সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবেই বিদ্যুতৰ মিটাৰ লগাব গৈ মৃত্যুক সাৱতি লবলগীয়া হয় উক্ত যুৱক জনে ৷মৃত যুৱকজন লামডিঙৰ অমিত বৈদ্য বুলি জানিব পৰা গৈছে৷ লামডিঙৰ আপাৰ বাবুপট্টিতৰ ভৱানী দেৰ ঘৰত বিদ্যুতৰ মিটাৰবস্ক লগাবলৈ গৈ আকাল মৃত্যক সাৱত ললে যুৱকজজনে ৷ জানিব পৰা মতে বিদ্যুতৰমেইন লাইন বিচিন্ন নকৰাকৈয়ে অমিতে কাম কৰি আছিল আৰু হঠাতে বিদ্যুতস্পৃষ্ট হৈ বিদ্যুতৰ খুটাৰ পৰা পৰি ঠাইতে মৃত্যুক সাৱতি লয়৷ ঘৰৰ একমাত্ৰ সন্তান অমিতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে উত্তেজিত ৰাইজে মৃতদেহ লৈ বিদ্যুত বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰি উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com