লোকসভা নিৰ্বাচন: আজি ৫ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায় নিৰ্বাচন

লোকসভা নিৰ্বাচন: আজি ৫ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায় নিৰ্বাচন

আজি পুৱা ৭ বজাৰ পৰা দ্বিতীয় পৰ্যায় নিৰ্বাচন আৰম্ভ হৈছে । ইতিমধ্যে ৫ টা সমষ্টিলৈ নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষী পঠিওৱা হৈছে । নগাঁও, মংগলদৈ, কৰিমগঞ্জ, শিলচৰ আৰু ডিফুত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায় নিৰ্বাচন। নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত । ১৬৯ টা চি আৰ পি এফৰ কোম্পানী আৰু অসম আৰক্ষী মোতায়েন কৰা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৮,৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত ৬৯,১০,৫৯২ ভোটাৰ আছে। ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ ।১৮০ তৃতীয় লিংগ ভোটাৰ আছে ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়াক নিয়োগ কৰা হৈছে । ৫৪৪ মাইক্ৰ পৰ্যবেক্ষক, ৬ জন সাধাৰণ পৰ্যবেক্ষক , ৫ জন ব্যয় পৰ্যাবেক্ষক আৰু ৩ জন আৰক্ষী পৰ্যবেক্ষকক নিয়োগ কৰা হৈছে । ১৩৭ ফ্লাইঙ স্কুৱাৰ্ডৰ টিম, ১২৭ ষ্টেটিক চাৰ্ভিলেঞ্চে টিম, ১০৫ ভিডিঅ চাৰ্ভিলেঞ্চে টিমে দ্বিতীয় পৰ্যায় নিৰ্বাচনত পৰ্যবেক্ষন কৰিছে ।

১৩৭ ভোট গ্ৰহণ কেন্দ্ৰত মহিলা নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে । ইয়াৰে ৬৭ টা মংগলদৈত, ২৬ নগাঁওত , ২৩ ডিফুত, ১১ টা কৰিমগঞ্জ আৰু ১০ টা শিলচৰত আছে। ৰিমোৰ্ট ভোট গ্ৰহণ কেন্দ্ৰ ১০৩৩ টা আছে ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫০ জন প্ৰাৰ্থী আছে। ইয়াৰে ৩ গৰাকী মহিলা । কৰিমগঞ্জত ১৪ জন প্ৰাৰ্থীৰ, শিলচৰত ১৩ জন প্ৰাৰ্থী, ১১ জন মংগলদৈত, ৭ জন নগাঁওত আৰু ৫ জন স্বায়ত্ত শাসিত পৰিষদ ডিফুত প্ৰাৰ্থী আছে। মংগলবাৰে সন্ধিয়া ৫ বজাত দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰে।

যোৱা বাৰ লোকসভা নিৰ্বাচনত শিলচৰ আৰু ডিফুত কংগ্ৰেছৰ প্ৰাৰ্থী জয় হৈছিল । নগাঁও আৰু মংগলদৈত বিজেপি জয় হৈছিল । কৰিমগঞ্জত এ আই ইউ ডি এফ জয় হৈছিল ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিৰ বাবে বিজেপিৰ কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ ৰামেশ্বৰ তেলী আৰু কংগ্ৰেছৰ স্বৰূপ দাসে প্ৰাৰ্থীত্ব আগবঢ়াইছে । আনহাতে শিলচৰত বিজেপিৰ ৰাজদীপ ৰয় আৰু সুস্মিতা দে কংগ্ৰেছৰ প্ৰাৰ্থী । ডিফুত কংগ্ৰেছৰ বিৰেন সিং ইংটি আৰু বিজেপিৰ হৰেন সিংবে প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে । মংগলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী ভূবেনশ্বৰ কলিতা আৰু বিজেপিৰ প্ৰাৰ্থী দিলিপ শইকীয়া । নগাঁওত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈ আৰু বিজেপিৰ ৰূপক শৰ্মাই প্ৰতিদন্দ্বিতা কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com