লোকসভা নিৰ্বাচন: উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ দিশত পৰ্যালোচনা ইউ চিৰ (Unified Command)

লোকসভা নিৰ্বাচন:  উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ দিশত পৰ্যালোচনা ইউ চিৰ (Unified Command)

লোকসভা নিৰ্বাচনৰলৈ মাজত এটা সপ্তাহৰ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰাপত্তা দিশটো কটকটীয়া কৰি তোলা হৈছে । শুকুৰবাৰে নাৰেংগী সেনা শিবিৰত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ নিৰাপত্তা দিশত ইউনিফাইড কমাণ্ডৰ অধিনত অপাৰেচনেল গ্ৰুপে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুস্থিত কৰে ।

এই বৈঠকত সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়া, আন নিৰাপত্তা ৰক্ষী, অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়া উপস্থিত থাকে। এই বৈঠকত নাগৰিকত্ব সংশোধনি বিধেয়কৰ ক্ষেত্ৰত উদ্ভৱ হব পৰা যিকোনো সমস্যা , এচ টি বিল আৰু আন বিষয় সমুহৰ ওপৰত আলোচনা কৰা হয় ।

শুকুৰবাবে সংবাদমেল সম্বোধন কৰি প্ৰতিৰক্ষাৰ পি আৰ অ লেফটেন্টেট পি খংচাই প্ৰকাশ কৰে যে বিশেষজ্ঞ, আইন আৰু আদেশ আৰু চি আই/ চি টি অপাৰেচনে বিষয় সমুহ পৰ্যাবেক্ষন কৰি আছে। লোকসভা নিৰ্বাচনত যাতে কোনো বিসংগতি নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে ।

অপাৰেচনেল গ্ৰুপেৰ এই বৈঠকত উপস্থিত আছিল লেফটেন্টেট জেনেৰেল মনোজ পান্দে, তেজপুৰৰ জি অ চি ৰ ৪ জন সদস্য, অসমৰ ডিজিপি কুলধৰ শইকীয়া আৰু ৰাজ্য চৰকাৰৰ জেষ্ঠ বিষয়াৰ লগতে আশুতুষ আগ্নিহোৰ্থী , হিৰেন নাথ, তপন কুমাৰ ডেকা আৰু বি এছ এফ, চি আৰ পি এফ আৰু এচ এচ বিৰ বিষয়া উপস্থিত আছিল ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ধুবুৰীত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com