লোকসভা নিৰ্বাচন: বিজেপি- কংগ্ৰেছ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত

লোকসভা নিৰ্বাচন: বিজেপি- কংগ্ৰেছ ব্যস্ত  নিৰ্বাচনী প্ৰচাৰত

তৃতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হব ২৩ এপ্ৰিলত। তৃতীয় পৰ্যায় নিৰ্বাচন ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব।গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছে ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ।

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিগত দুটা লোকসভা নিৰ্বাচনত গুৱাহাটীত শাসক দলে আসন দখল কৰিবলৈ সক্ষম হৈছিল । সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে গুৱাহাটীৰ আসন দখল বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে । সমান্তৰালকৈ বিজেপি দলে বিজয়ৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ ব্যস্ত থকা পৰিলক্ষিত হৈছে ।

গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাক প্ৰক্ষেপ কৰিছে । বিজেপিৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ মুখ্য অঞ্চলত ৰোড শ্বত অংশগ্ৰহন কৰিব । বুধবাৰে বৰক্ষেত্ৰীত ৰোড ৰেলীত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই । লগতে বিজেপিৰ নেতা সকলে বিভিন্ন ঠাইত বৈঠকত অংশগ্ৰহন কৰাৰ লগতে একেৰাহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্য ৰেলী সমুহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহন কৰিব ।

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে । গুৱাহাটীৰ উন্নয়নৰ লগতে নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছে । গুৱাহাটীৰ লগতে কাষৰীয়া অঞ্চল সমূহতো নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ।

কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিটোত অধিক গুৰুত্ব প্ৰদান কৰিছে । বিধায়িকা অজন্তা নেওঁগক পশ্চিম গুৱাহাটী দায়িত্ব অৰ্পণ কৰা হৈছে । হাজো আৰু বৰক্ষেত্ৰীত ৰানা গোস্বামী , দিছপুৰ আৰু পুব গুৱাহাটীত প্ৰদুৎ বৰদলৈ আৰু পলাসবাৰী , জায়গাঁও, বকো, দুধনৈত সুশান্ত বৰগোহাঞি , জালুকবাৰীত এম কে ভানুক দায়িত্ব দিয়া হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com