শিশু এটাক ভাল কাম কৰোতে উৎসাহ দিলে তাৰ যি অনুভৱ হয় মোৰো তেনে হৈছে - নপুৰ মোমাইদেউ

শিশু এটাক ভাল কাম কৰোতে উৎসাহ দিলে তাৰ যি অনুভৱ হয় মোৰো তেনে হৈছে - নপুৰ মোমাইদেউ

"মোৰ অনুভৱ বুলিলে ক’ব লাগিব খুব ভাল লাগিছে। জাতি আৰু ভাষাৰ কাৰণে বিগত তিনি দশক জুৰি আগবঢ়োৱা মোৰ সামান্য শ্ৰমে এটা স্বকৃতি পালে। শিশু এটাই কিবা ভালকাম এটা কৰি থাকোতে যদি কোৱা হয়, ভাল হৈছে কৰি থাকা ,তাৰ যি অনুভৱ মোৰো তেনে হৈছে।" আজি এই প্ৰতিবেদকৰ আগত এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰি ২০১৮ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হোৱা নপুৰ মোমাইদেউখ্যাত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই ৷

নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাট ব্ৰাহ্মনগাঁও নিৱাসী বিশিষ্ট সাহিত্যিক গৰাকীলৈ অসমীয়া শিশু সাহিত্য বঁটা প্ৰদান সমিতিয়ে এইবৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা আগবঢ়োৱা ৰ খবৰে তেওঁৰ ওপজা ঠাইখনৰ লগতে তেঁওৰ শুভাকাংক্ষী আৰু অনুৰাগী সকলক আনন্দিত কৰি তুলিছে৷তেঁও চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতিৰ আসনকে ধৰি হাতীচোং সঞ্জীৱনী সংস্কৃত টোল , হাতীচোং শংকৰদেৱ বিদ্যা নিকেতন আদি অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে বৃহত্তৰ অঞ্চল টোৰ সকলো বোৰ সাহিত্য আৰু সামাজিক অনুষ্ঠানৰ আগশাৰীত অধিষ্ঠিত হৈ সমাজ জীৱনলৈয়ো অনবদ্য আগবঢ়াই আহিছে ৷

নগাঁও জিলা সাহিত্য সভা,স্থানীয় বিধায়িকা আঙুৰলতা ডেকা , নগাঁও জিলা কবি সন্মিলন, প্ৰেছ ক্লাৱ বেবেজীয়া , চকলাঘাট শাখা সাহিত্য সভা , বটদ্ৰৱা প্ৰেছ ক্লাৱ, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি,হাতীচোং শংকৰদেৱ বিদ্যানিকেন , সোনাইপৰীয়া শাখা কবি সন্মিলন ,চকলাঘাট উঃ মাঃ বিদ্যালয়,হাতীচোং হাইস্কুল আদি অনুষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ অনেক শুভাকাংক্ষীয়ে নপুৰ মোমাইদেউৰ এই বঁটাপ্ৰাপ্তি খবৰত গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁক অভিনন্দন জনাইছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com