শিৱসাগৰৰ মথুৰাপুৰ চাহবাগিছাৰ কৰ্মৰত মহিলাক হত্যা

শিৱসাগৰৰ মথুৰাপুৰ চাহবাগিছাৰ কৰ্মৰত মহিলাক হত্যা
Published on

শিৱসাগৰৰ মথুৰাপুৰ চাহবাগিছাৰ কৰ্মৰত মনি খাদাল(২৯) নামৰ মহিলা এগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়।জানিব পৰা মতে,যোৱা মঙলবাৰে নিশা পাৰিবাৰিক কন্দলৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হয়।অভিযোগকাৰী হৈছে অশোক খাদাল(৩৭)।অশোকে নিশা সুৰাপান কৰি আহি আইৰন ৰোডৰ সমীপত নিজ পত্নীক হত্যা কৰে।মথুৰাপুৰ আৰক্ষীয়ে বুধবাৰে পুৱা মৃতদেহ উদ্ধাৰ কৰে আৰু অশোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com