শোণিতপুৰত অবৈধ শিল-বালি ভৰ্ত্তি ট্ৰাক জব্দ

শোণিতপুৰত অবৈধ শিল-বালি ভৰ্ত্তি ট্ৰাক জব্দ

বন বিভাগৰ এক বিশেষ অভিযানত আৰু শোণিতপুৰ আৰক্ষীৰ নেতৃত্বত ডিএফঅ' ৰঞ্জিত কোঁৱৰ আৰু পিয়াশা শইকীয়া,এচিএফ তেজপুৰ সদৰ ৰেঞ্জ বন বিভাগৰ অন্তৰ্গত শোণিতপুৰ দক্ষিন বন বিভাগে চৰাইদেও আৰক্ষী থানাৰ অন্তৰ্গত ভালুকপুংৰ নিগম এলেকাত ৫খনকৈ শিল আৰু বালিৰ ট্ৰাক শোণিতপুৰ জিলাৰ শালনিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাৰৈমাৰি,হালেশ্বৰ এলেকাৰ পৰা যোৱা মঙলবাৰে আৰক্ষীয়ে জব্দ কৰে।

প্ৰিয়াশা শইকীয়াৰ তথ্যানুসৰি ট্ৰাক সমূহ চাৰিদুৱাৰ,বালিপাৰা আৰু গাৰৈমাৰিৰ পৰা জব্দ কৰে।ইয়াৰ উপৰিও ডিএফঅ' কোঁৱৰে জনোৱা মতে,এই অভিযান অবৈধ মুল্যবান সামগ্ৰীৰ বিৰুদ্ধে চলিছিল আৰু আগলৈও চলিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com