সন্দেহকাৰী জেহাদী লগত জড়িত ব্যক্তিক আটক

সন্দেহকাৰী জেহাদী লগত জড়িত ব্যক্তিক আটক

শিৱসাগৰ জিলাৰ জেঙনকটীয়া এলেকাৰ পৰা শিৱসাগৰ আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া সহযোগত জেহাদীৰ লগত জড়িত এজন সন্দেহকাৰী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । গোপন তথ্যৰ সহায়ত আৰক্ষীৰ দলটোৱে ধাইআলি এলেকাৰ এটা ঘৰত অভিযান চলাওতে জেহাদী লগত জড়িত সন্দেহকাৰী এজনক গ্ৰেপ্তাৰ কৰে যদিও বাকী দুজন পলাবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা লোক জন চিনাক্তকৰন কৰা অনুসৰি মঞ্জু আলী ওৰফে মুনু নৱাব(৪৩)। আটক কৰা ব্যক্তি জনৰ ওচৰৰ পৰা পাকিস্তান আৰু বাংলাদেশৰ পইচা আৰু বাংলাদেশৰ ভুৱা ভিচা জব্দ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com