সমবায় সমিতিৰ বিৰুদ্ধে চৰকাৰৰ গোচৰ ৰুজু

সমবায় সমিতিৰ বিৰুদ্ধে চৰকাৰৰ গোচৰ ৰুজু
Published on

অসম চৰকাৰে গাঁও পঞ্চায়ত সমবায় সমিতিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জড়িয়তে দুখীয়া লোকসকলক বিতৰন কৰা চাউল নিনিয়াৰ বাবে গোচৰ ৰুজু কৰিছে।২০১৭-১৮ বৰ্ষত ভাৰতীয় খাদ্য নিগমৰ পৰা ২৫,৫১৪ মেট্ৰিক টন চাউল উঠাবলৈ সক্ষম হোৱা নাছিল।

গাঁও পঞ্চায়ত সমবায় সমিতি গোটেই ঘটনাৰ বাবে দোষী হিচাপে বিবেচিত হৈছে কিয়নো দুখীয়া লোকসকলৰ মাজত চাউল বিতৰন কৰাৰ দায়িত্ব আছিল।ৰাজ্যৰ ১৮ খন জিলাৰ লোকসকলৰ মাজত চাউল নাপাই একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে।

গুৱাহাটীত খাদ্য আৰু অসামৰিক যোগান বিভাগে এখন সভা আয়োজন কৰি ১৮ খন জিলাৰ উপায়ুক্ত সকলক গাঁও পঞ্চায়ত সমবায় সমিতিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ নিৰ্দেশ জাৰি কৰিছে।এই সভাৰ জড়িয়তে যোগান বিভাগে কেন্দ্ৰীয় চৰকাৰক এই বানিজ্যিক বৰ্ষৰ বাবে ২৫,৫১৪ মেট্ৰিক টন চাউল আবৰ্টন দিবলৈ আহ্বান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com