"সেউজ কাকমাৰী,পৰিস্কাৰ কাকমাৰী" উদ্দেশ্যে সজাগতা সভা

"সেউজ কাকমাৰী,পৰিস্কাৰ কাকমাৰী" উদ্দেশ্যে সজাগতা সভা

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কাকমাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত শুক্ৰবাৰে কাকমাৰী অঞ্চলটো সেউজীকৰণ অাৰু পৰিষ্কাৰকৰণ কৰাৰ সংকল্পৰে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সকলো ৰাইজক একোজোপাকৈ গছপুলি নিজৰ ঘৰৰ সন্মুখত ৰোৱলৈ সজাগতা সভাতে অাহ্বান জনালে জিলা পানী অাৰু অনাময় সমিতিৰ বিষয়ববীয়া সকলে। উক্ত সজাগতা সভাতে অঞ্চলৰ ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ ব্যক্ত কৰিলে বিভাগীয় কত্তীৰ্পক্ষ সকলক। কাকমাৰী পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মামনি দেউৰাজাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উপষ্ঠিত থাকে কাৰ্য্যবাহী অভিযন্ত্ৰা কমল মেধি, সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা পংকজ বৰদলৈ, নগাঁও জিলা জনসংযোগ বিষয়া সমৰ কলিতা। সদৌ শেষত মাংগলিক ধ্বনিৰ মাজেৰে সমুহীয়াভাৱে বৃক্ষৰোপন কাৰ্য্যসুচীৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com