হাইলাকাণ্ডিত নিয়োগ মেলা আয়োজন

হাইলাকাণ্ডিত নিয়োগ মেলা  আয়োজন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু হাইলাকাণ্ডি জিলা প্ৰশাসনৰ উদোগত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে স্থানীয় নজৰুল সদনৰ প্ৰাংগনত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধীনত অনুষ্টিত হৈছে হাইলাকাণ্ডি ২০১৮ নিয়োগ মেলা।যুৱক-যুৱতী সকলক কাৰিকৰি প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিয়াই এই মেলাৰ লক্ষ্য বুলি জানিব দিয়ে জিলা প্ৰসাশনে।জিলাখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই নিয়োগ মেলা খনত ৪৫ জন প্ৰাৰ্থীয়ে নিয়োগ লাভ কৰে।ইতিমধ্যে জিলাখনৰ ৫৫৪ জন গ্ৰামোঞ্চলৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ জড়িয়তে নিয়োগ লাভ কৰিছে বুলি জানিব পৰা গৈছে।হাইলাকান্দিৰ জিলা প্ৰসাশনৰ এই নিয়োগ মেলাৰ বাবে অভিভাৱক সকলৰ লগতে যুৱক-যুৱতী সকল যথেষ্ট উৎসাহী বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com