৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গোলাঘাট জিলা কমিটিৰ অবস্থান ধৰ্মঘট

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গোলাঘাট জিলা কমিটিৰ অবস্থান ধৰ্মঘট
Published on

ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গোলাঘাট জিলা কমিটিয়ে ধনশিৰি মহকুমাধীপতিৰ কাৰ্যালয়ৰ সন্মুখত অবস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১ নং এছিয়ান ঘাইপথৰ মেৰামতিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে এই পথছোৱাৰ দুৰৱস্থাৰ কথা সংবাদ মাধ্যমত বহু বাৰ প্ৰকাশ কৰা হৈছিল । তাৰ পাছত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১ নং এছিয়ান ঘাইপথৰ কিছু অংশ মেৰামতি কৰা হয়। কাৰ্বি আংলং জিলাৰ এই পথছোৱা মেৰামতি কৰাৰ লগতে গোলাঘাট জিলাৰো ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১ নং এছিয়ান ঘাইপথৰ কিছু অংশ মেৰামতি কৰা হয়।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ পথছোৱাৰ কাম ৩ বছৰৰ পূৰ্বে সমাপ্ত হৈছিল যদিও আজি পৰ্যন্ত পথছোৱাৰ উদ্বোধন কৰা নাই । যাব ফলত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকৰ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com