৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হব তৃতীয় পৰ্যায় নিৰ্বাচন

৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হব তৃতীয় পৰ্যায় নিৰ্বাচন

তৃতীয় আৰু অন্তিম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব ২৩ এপ্ৰিলত । ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । ৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ৭৪,৭৭,০৬২ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব । গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে । বৰপেটাত ১৩ জন প্ৰাৰ্থী, কোকৰাঝাৰত ৯ জন প্ৰাৰ্থীৰ, আৰু ধুবুৰীত ১৫ জন প্ৰাৰ্থী কাইলৈ নিৰ্বাচনত অবতীৰ্ণ হব ।

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ড, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা, ডঃ ফাৰুক আহমেদ ভূঞা (নিৰ্দলীয়), ছাদেক আলি (নিৰ্দলীয়) , হিন্দুস্তান নিৰ্মান দলৰ ৰাজিব কাকটি, ভোটাৰ পাৰ্টি ইন্টাৰনেচনেল দলৰ প্ৰাৰ্থ প্ৰতিম বৰুৱা, সমাজবাদী পাৰ্টিৰ ৰাতুল কুমাৰ চৌধুৰী , তৃণমূল কংগ্ৰেছৰ মনোজ শৰ্মা, কংগ্ৰেছৰ ববিতা শৰ্মা, বিজেপিৰ কুইন ওজা, ভৰতীয় গন পৰিষদৰ ডঃ অভিজিৎ চক্ৰবৰ্ত্তী আৰু পংকজ দাস ।

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ কৰিব । ইয়াৰে কংগ্ৰেছৰ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজা আৰু নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ মাজত তীব্ৰ প্ৰতিদন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে । গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১৭৮৬১৭ । ইয়াৰে ১১০০৭৪৬ পুৰুষ আৰু ১০৭৭৭৯৩ মহিলা। ১৫৭ তৃতীয় লিংগ ভোটাৰ আছে ।

বৰপেটা সমষ্টিত অগপৰ কুমাৰ দিপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে প্ৰতিদন্দ্বিতা আগবঢ়াব । বৰপেটাত ভোটাৰ সংখ্যা হৈছে ১৬৭৬৮৫৪ । ইয়াৰে ৮৬৫৩০০ পুৰুষ আৰু ৮১১৫৩৮ মহিলা ভোটৰ আছে।১৬ জন তৃতীয় লিংগৰ ভোটাৰ আছে ।

কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰানী ব্ৰহ্ম , নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া আৰু ইউনাইটেড পিপলচ পাৰ্টিৰ উৰ্খাও গৌৰা ব্ৰহ্ম । কোকৰাঝাৰত ভোটাৰ সংখ্যা ১৭৬৫৪২৩ । ইয়াৰে ৯০০৩১৮ পুৰুষ আৰু ৪৬৫০৬৬ মহিলা ভোটৰ । ৩৯ তৃতীয় লিংগৰ ভোটাৰ আছে ।

ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰউদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, অগপৰ প্ৰাৰ্থী যাবেদ ইছলাম। ধুবুৰীত ভোটাৰ সংখ্যা ১৮৫৬১৬৮। ইয়াৰ ৯৪৮৯৭১ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা হৈছে ৯০৭১৭৩ আৰু ২৪ তৃতীয় লিংগৰ ভোটাৰ আছে ।

৪ টা লোকসভা সমষ্টিত ১৪৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ধুবুৰীত ২৯ টা, কোকৰাঝাৰত ১১টা, বৰপেটাত ২৪ টা আৰু গুৱাহাটীত ৭৯ টা মহিলা ভোট কেন্দ্ৰ আছে।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৫২৪ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩৮,৩০৮ নিৰ্বাচনী বিষয়া আৰু ২০০ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com