ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ সংবাদ মেল

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ সংবাদ মেল

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে এখন সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কটাক্ষ কৰে শাসনাধিষ্ঠ দল বিজেপিক ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি তৰুণ গগৈয়ে কয় যে ,নিৰ্বাচন যিমানেই শেষ হৈ আহিছে মোদী সিমানেই হতাশ হৈছে । লগত আদৱানিৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে ডিজিটেল কেমেৰাত ফটো তুলি আদৱানিক দিছিল মোদীয়ে ৷ কিন্তু পৰিতাপৰ কথা যে সেই সময়ত ভাৰতত ডিজিটেল কেমেৰাই নাছিল৷

অন্যহাতে , বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইকক লৈ মোদীয়ে মন্তব্য কৰিছিল বুলি কোৱাৰ লগতে এই কথাই মোডীৰ হতাশাক প্ৰতিপন্ন কৰিছে বুলি কয় তৰুণ গগৈয়ে ৷বিগত পাঁচ বছৰত বিজেপিৰ শাসনত আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে দলটোয়ে। এইবাৰ নিৰ্বাচনত BJP-এ কলা ধন ব্যৱহাৰ কৰিছে বুলি কোৱাৰ লগতে তৰুণ গগৈয়ে দলে ইমান টকা ক’ত পালে বুলি প্ৰশ্ন কৰে ৷

ইফালে সদ্যহতে কাগজ কলৰ প্ৰসংগ উত্থাপন হৈ থকা সময়তে তৰুণ গগৈয়ে কয় যে কাগজ কলৰ ক্ষেত্ৰত চৰকাৰ খনে মৌন হৈ চাই আছে ৷জাতি মাটিৰ কথা কোৱা চৰকাৰে কিন্তু কাগজ কল দুটা বচাব নোৱাৰিলে বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷ উল্লেখ্যযে এই সংবাদমেলত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷ বিগত সময়ত পথ মেৰামতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সস্ত্ৰম হোৱাৰ সন্দৰ্ভত গগৈয়ে কয় য়ে মুখ্যমন্ত্ৰীয়ে শোচনীয় ৰাস্তাত নামি বিষয়াক মাতি আনি ৰাস্তা মেৰামতি কৰিবলৈ সময় নিৰূপন কৰি দিছে ৷

কিন্তু পথ নিৰ্মাণৰ ক্ষেত্ৰত বিলম্ব দেখা গৈছে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে NRCৰ নামত সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে৷লগতে সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি কৰা বিষয়াক শাস্তি দিয়ক৷ প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই ক’ত সাহস পালে বুলি প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com