ৰাজেন গোহাঁই সহ ৪ জন সাংসদ লোকসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত

ৰাজেন গোহাঁই সহ ৪ জন সাংসদ লোকসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত

মংগলবাৰে নগাঁওত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰূপক শৰ্মাৰ নাম প্ৰকাশ কৰে। বৰ্তমানৰ সাংসদ আৰু কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ পৰিবৰ্তে বিজেপিয়ে ৰূপক শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰে।

উল্লেখযোগ্য যে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে থকা যৌন কেলেংকাৰীৰ গোচৰত দোষমুক্ত ঘোষণা কৰিছিল যদিও টিকটৰ পৰা বঞ্চিত হল ৰাজেন গোহাঁই। নগাঁওত বিজেপিয়ে ৰূপক শৰ্মাক টিকট দিয়াৰ ফলত ৰাজেন গোহাঁইৰ ৰাজনৈতিক দিশত যথেষ্ট প্ৰভাৱ পেলাব। ৰাজেন গোহাঁইয়ে ১৯৯৯ চনৰ পৰা নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰতিদন্দ্বিতা কৰি আহিছে । আনহাতে নগাঁওৰ বিধায়ক ৰূপক শৰ্মা ৰাজেন গোহাঁইকৈ ৰাজনৈতিক ক্ষেত্ৰত খনত কনিষ্ঠ ।

ৰাজেন গোহাঁইকে ধৰি বিজেপিয়ে ৫ জন সাংসদক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত। উল্লেখযোগ্য যে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই দল ত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বঞ্চিত হয় । আৰ পি শৰ্মাৰ পৰিবৰ্তে তেজপুৰ লোকসভা সমষ্টিৰ পৰা শ্ৰম মন্ত্ৰী পল্লব লোচন দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰে।

আনহাতে যোৰহাট সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে। যোৰহাট সমষ্টিৰ পৰা শক্তি মন্ত্ৰী তপন গগৈক টিকট প্ৰদান কৰে বিজেপিয়ে ।

গুৱাহাটী সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অথা সাংসদ বিজয়া চক্ৰবৰ্ত্তীৰ পৰিবৰ্তে কুইন ওজাক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

মংগলদৈত সাংসদ ৰমেন ডেকাৰ পৰিবৰ্তে বিজেপিৰ নেতা দিলীপ শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত আগৰ প্ৰাৰ্থীৰ পৰিবৰ্তে নতুন প্ৰাৰ্থীয়ে কি ফলাফল দেখুৱাই সেয়াহে লক্ষ্যণীয় হব । আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কেবিনেটৰ প্ৰমীলা ৰানী ব্ৰহ্মক বি পি এফয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com