ৰাজ্য চৰকাৰক তীব্ৰ বাক্য বাণেৰে কটাক্ষ কৰিলে কংগ্ৰেছৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে

ৰাজ্য চৰকাৰক তীব্ৰ বাক্য বাণেৰে কটাক্ষ কৰিলে কংগ্ৰেছৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে

খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনি কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰ খনে নাগৰিকত্ব সংশোধনী যিখন আইন আনিবলৈ বদ্ধ পৰিকৰ হৈ আছে সেই আইন খনে কেৱল ধৰ্মৰ মাজতে বিভাজন অনা নাই, ভাষিক তথা সামাজিক ভাৱে সকলোকে বিভাজন কৰিবলৈ চেষ্টা কৰিছে। অসমৰ খিলঞ্জীয়াৰ প্ৰতি অস্তিত্ব নাইকিয়া কৰাৰ ভাবুকি অনাৰ লগতে বিজেপিয়ে বাঙালী হিন্দু সকলোকো নিজৰ অধীনলৈ আনিব বিছাৰিছে । শুক্ৰবাৰে ৰাজীৱ ভৱনত জেষ্ঠ কংগ্ৰেছী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰি এইদৰে তীব্ৰ বাক্য বাণেৰে থকা সৰকা কৰিলে বিজেপি তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ।

লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ আসনৰ প্ৰতি শেন চকু দিছে বিজেপিয়ে, যাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ নেতাসকল ।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে লোকসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগকো চকু দি ধৰ্মীয় মেৰুবিভাজন আনি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবৰ বাবে অপ্ৰাণ চেষ্টা বিজেপিয়ে কৰা বুলি সংবাদমেলত উল্লেখ কৰে বৰদলৈয়ে।

অসমত এজন নতুন জিন্নাৰ সৃষ্টি হ'ল। হিমন্ত বিশ্ব শৰ্মা অতি সাম্প্ৰদায়িক ব্যক্তি। বিলখনৰ স্বাৰ্থত জিন্নাৰ ভূমিকা লৈছে তেওঁ। জিন্নাই টু নেশ্ব্যন থিয়ৰি লৈছিল। অসমত হিমন্তই হিন্দু আৰু মুছলমানক ভাগ ভাগ কৰিছে।

জিন্নাৰ লগত অন্য এটা সাদ্যশ্য নথকা নহয়। ২০১৪ চনলৈকে বিজেপি আৰু আৰ এছ এছক গালি পাৰি আছিল। যেতিয়া তেওঁৰ বিৰুদ্ধে বিভিন্ন কেলেংকাৰীৰ তদন্ত আৰম্ভ হ'ল, তেতিয়াই হিমন্ত বিজেপি লৈ গৈছে।

হিমন্ত বিশ্বই গোড়া হিন্দুত্ববাদৰ ক্ষেত্ৰত উ

যোগী আদিত্যনাথকো পিছ পেলাই গৈছে। ভাৰতৰ আটাইতকৈ বেছি সাম্প্ৰদায়িকতাৰ মন্তব্য কৰা ব্যক্তিয়েই হৈছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ ।

অসমীয়া মানুহক আবেগিক কৰিবলৈ চেষ্টা কৰিছে হিমন্তই। মুছলমান লোকে সত্ৰ বেদখল কৰা নাই। কৰিছিল যদিও এতিয়া আঁতৰি গৈছে বুলি কয় প্ৰদ্যুত বৰদলৈয়ে।

ড০ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক আবেগিকভাৱে পৰিচালিত কৰিবলৈ সত্ৰসমূহক পাশা খেলৰ গুটিৰ দৰে ব্যৱহাৰ কৰিছে।

হিমন্ত বিশ্ব শৰ্মা নিজেই অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী হৈ আছিল ৯ বছৰ ধৰি। তেওঁ তেতিয়া ১৯৫১ চনৰ কথা কোৱা নাছিল, কিন্তু এতিয়া বাৰে বাৰে ৫১ চনৰ কথা কোৱাৰ যুক্তি কত বুলি প্ৰশ্ন কৰে প্ৰদ্যুত বৰদলৈয়ে।

"আগতে মছজিদে মছজিদে ঘুৰি ফুৰা হিমন্ত এতিয়া মুছলমান বিদ্বেষী, গোড়া হিন্দুত্ববাদী", "গুজৰাটৰ পাইপলাইনৰ মাজেৰে মূছলমানৰ তেজ বৈ যোৱাৰ কথা এসময়ত হিমন্ত‌য়ে কৈছিল" এইদৰে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে একালৰ সতীৰ্থ প্ৰদ্যুত বৰদলৈয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ দৰে সৰ্বানন্দ সোণোৱালেও সংবাদ মেল অনুষ্ঠিত কৰাটো পৰিহাৰ কৰিলে। লগতে সৰ্বানন্দ সোণোৱালে ক'লা পতাকা আৰু ৰাইজৰ ক্ষোভৰ ৰোষত পৰাৰ ভয়ত গাড়ীৰে নগৈ ১-২ কিলোমিটাৰ বাটো এতিয়া হেলিকপ্টাৰৰে যোৱা হ'ল বুলি কয় প্ৰদ্যুত বৰদলৈয়ে।

সভাই সমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈ ফুৰা কংগ্ৰেছে এসময়ত আই এম ডি টি আইন আইন আনি জাতিৰ লগত খেল খেলিছিল কি সৰ্বানন্দ সোণোৱালে পাহৰি যাব নালাগে আই এম ডিটি আইন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাজত পাৰ্থক্য আছে। আইএমডিটি আইনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে বিদেশৰ পৰা হিন্দু বিদেশীক আনিব বিচৰা নাছিল বুলি সংবাদমেলত উল্লেখ কৰে বৰদলৈয়ে। অসমীয়া জাতি আৰু অসমীয়া সমাজ জীৱনৰ অসমীয়াত্বৰ বাবে কংগ্ৰেছ দলে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰে প্ৰদ্যুত বৰদলৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com