ৰূপসী বিমানবন্দৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ৰূপসী বিমানবন্দৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
Published on

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰূপসী বিমান বন্দৰ পুনৰ নিৰ্মাণ আৰু বিকাশ সাধনৰ আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানত নতুনদিল্লীৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ যোগে অংশগ্ৰহন কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী সুৰেশ প্ৰভুয়ে ।

আধাৰশিলা স্থাপন কৰি এখন ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰিও অসম চৰকাৰৰ কেইবা গৰাকীও মন্ত্ৰী উপস্থিত থাকে ।

উল্লেখযোগ্য যে, ৰূপসী বিমান বন্দৰটো পুনৰ কাৰ্যক্ষম কৰি পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'উৰান-২' নামৰ অধিনত ৪০ কোটি মুকলি কৰি দিছিল । ইফালে উক্ত আঁচনিৰ অধীনত বিমানবন্দৰটোৰ এয়াৰ টাৰ্মিনেল, এ টি চি টাৱাৰ, নিৰাপত্তা ৰক্ষীৰ গৃহ আদিকে ধৰি অন্যান্য কামৰ বাবে মোকলাই দিয়া হৈছিল ৬৯ কোটি টকা । প্ৰায় ২৫০০ বিঘা মাটিত মূলতঃ সেনাৰ চাপ্লাই আৰু সমৰাস্ত্ৰ পৰিবহন কৰাৰ সুবিধাৰ্থে নিৰ্মাণ কৰা ৰূপসী বিমান বন্দৰৰ ৰানওৱেৰ দৈৰ্ঘ আছিল ১৮০০ মিটাৰ৷ মুঠ ৫২ টাকৈ জেট বিমান ৰখাৰ "হেংগাৰ"ৰ উপৰিও টাৰ্মিনাল বিল্ডিংৰ লগতে গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থাও আছিল বিমান বন্দৰটোত।

আজি মুখ্যমন্ত্ৰীয়ে দ্বিতীয় পৰ্যায়ত আৰম্ভ হোৱা কামৰ আনুষ্ঠানিক শুভাৰম্ভি কৰে ।১৯৮২ চনত অন্তিম বাৰৰ বাবে বায়ুদূতৰ এখন বিমান ইয়াৰ পৰা যাত্ৰা কৰাৰ পিছত , বিগত ৩৬ বছৰে এখন বিমানো অৱতৰণ কৰা নাই ৰূপসী বিমান বন্দৰটোত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com